পথৰ মাজে মাজে গাঁত, নাই ষ্ট্ৰিট লাইট

নিশা প্ৰায়েই দূৰ্ঘটনাৰ সন্মুখীন হয় পথচাৰী

WhatsApp Image 2022 01 20 at 6.42.33 PM

গুৱাহাটী মহানগৰৰ এক ব্যস্ত অঞ্চল প্ৰতীক্ষা হাস্পাতালৰ কাষেৰে পাহাৰ কাটি জনাঞ্চল হোৱা বিষ্ণুনগৰ । উক্ত অঞ্চলত অধিক জনবসতি প্ৰতীক্ষা হাস্পাতালৰ ৰোগীসকলৰে । অচিনাকী ঠাইত কেৱল ৰোগ নিৰাময়ৰ বাবে অহা ৰোগী তথা ৰোগীৰ তদাৰকী পৰিয়ালৰ লোকসকলে কেইদিনমানলৈ কেৱল ৰোগ দেখুওৱা সময়ৰ বাবে বিষ্ণুনগৰত বাহৰ পাতে ।অঞ্চলটোত প্ৰায় সকলোৰে গৃহত এনে ৰোগীৰ আশ্ৰয়ৰ বাবেই বাসস্থানৰ সুবিধা কৰা হৈছে । ৰোগ দেখুৱাবলৈ প্ৰয়োজন হোৱা সময়খিনি শেষ হ’লেই ৰোগী নিজ ঘৰলৈ উভটি যায় ।

প্ৰতীক্ষা হাস্পাতালখনলৈ অত্যধিক ৰোগী আহে আই ভি এফ প্ৰতিষ্ঠাৰ সংক্ৰান্তত । এই ৰোগীসকলেই দুদিনমানৰ বাসস্থান হিচাপে বাচি লয় বিষ্ণুনগৰৰ স্থায়ী বসবাসকাৰীসকলৰ গৃহত । এই বিষ্ণুনগৰলৈ সঘনে যাতায়াত কৰে বিভিন্ন ধৰণৰ গাড়ী-মটৰ । অহৰহ গাড়ী মটৰৰ যাতায়াত হোৱাত পাহাৰৰ ওপৰলৈকে বাটচোৱা ভাঙি মাজে মাজে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে । এই পথেৰে মৰনক শৰন দি আই ভি এফ ৰোগীসকল অহাযোৱা কৰে । নিশা হ’লেই বাটটো আন্ধাৰ হৈ পৰে।ফলত দিন আৰু ৰাতি উভয় সময়তে ওখোহা মোখোহা পথৰ বাবে উজুটি খাই বহু মানুহ কৰ্ফাল খাই পৰে ।পথটো পাহাৰৰ ওপৰলৈ উঠি যোৱা বাবে উজুটিত পৰিলেও ঠাইতে নপৰি বাগৰি আহে ।

প্ৰকাণ্ড গাঁতৰ বাবে গাড়ী-চাইকেল আদিৰো দূৰ্ঘটনা পথছোৱাত নিত্য নৈমিত্তিক ঘটনা । চৰকাৰী বৈদুত্তিক পোহৰৰ পৰাও অঞ্চলটো বৰ্জিত । কেৱল সেয়াই নহয় বিপৰীতমুখী যাত্ৰীৰো সমুখা-সমুখী খুণ্ডা খোৱাৰ দৰে সৰু-সুৰা অঘটনবোৰ হৈয়েই থাকে । এক জনবহুল সদাব্যস্ত অঞ্চলটোত অনতিপলমে বাটপথৰ মেৰামতিৰ লগতে চৰকাৰী ষ্ট্ৰিট লাইট বহুওৱাৰো দাবী জনাইছে স্থানীয় সচেতন মহলে ।

কে’বাবাৰো পথছোৱাৰ উন্নয়নৰ দাবী কৰি অহাৰ পাছতো আজিকোপটি কোনো ধৰণৰ সুচলতাৰ ছায়া নপৰাত বিবুধিত স্থানীয় লোকৰ সমানে ৰোগ দেখুৱাবলৈ অহা লোকসকলো । অনতিপলমে পথচোৱা যাতায়াতৰ সুব্যৱস্থা কৰিবলৈ বহু কেইগৰাকী স্থানীয় লোকে দাবী জনায় । বিষ্ণুনগৰত ৰোগ দেখুৱাবলৈ আহি ক্ষন্তেক দিনৰ বাবে বসবাস কৰা ৰোগীসকলেও এই পথছোৱাৰ মেৰামতি বিচাৰে বুলি এই প্ৰতিবেদকক জনায় । বিশেষকৈ ষ্ট্ৰিটলাইটৰ বাবে তেওঁলোকে সজিোৰে দাবী উত্থাপন কৰে ।

Exit mobile version