উইল তৈয়াৰ কৰাৰ আগতে পিতৃৰ মৃত্যু হ’লে অর্জিত সম্পত্তি পাব কন্যাই : উচ্চতম ন্যায়ালয়

barandbench 2021 02 ae7e8255 85a8 4852 a0de ca4f4a7d9c8a Supreme Court 1

উইল তৈয়াৰ কৰাৰ আগতেই যদি কোনো পিতৃৰ মৃত্যু হয়, তেন্তে পিতৃৰ অর্জিত সম্পত্তিত অধিকাৰ লাভ কৰিব কন্যাই (Inheritance Law) । ৰায় দিলে উচ্চতম ন্যায়ালয়ে (Supreme Court) ।

দেশৰ শীর্ষ ন্যায়ালয়ৰ এই ৰায় নিঃসন্দেহে গুৰুত্বপূর্ণ । এই সংক্রান্তৰ এটা গোচৰত মাদ্রাজ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পৰিপ্রেক্ষিতত প্ৰত্যাহ্বান কৰি শীৰ্ষ ন্যায়ালয়ত আবেদন দাখিল কৰা হয় । সেই আবেদনৰ পৰিপ্রেক্ষিততেই বৃহস্পতিবাৰে এই ৰায় দিছে শীর্ষ ন্যায়ালয়ে । মুঠ ৫১ পৃষ্ঠাৰ ৰায় দিছে শীৰ্ষ ন্যায়ালয়ে । ন্যায়াধীশ এছ আব্দুল নাজিৰ আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীৰ বেঞ্চে জনাইছে যে উইল বা ইচ্ছাপত্র তৈয়াৰ কৰাৰ আগতে যদি কোনো হিন্দু পুৰুষৰ মৃত্যুও হয়, তেতিয়াও সম্পত্তিৰ সমভাৱে বণ্টন হ’ব ।

তেওঁৰ মৃত্যুৰ পাছত স্ব-উপার্জিত বা পাৰিবাৰিক উত্তৰাধিকাৰ সূত্রে প্রাপ্ত সম্পত্তি উত্তৰাধিকাৰীসকলৰ মাজত সমভাৱেই বণ্টন হ’ব । বেঞ্চে আৰু জনায় যে, মৃত হিন্দু পুৰুষৰ কন্যাই সম্পত্তি লাভৰ ক্ষেত্রত অগ্রাধিকাৰ পাব অন্য আত্মীয়ৰ আগতে ।

Exit mobile version