অনগ্ৰসৰ শ্ৰেণীৰ বাবে সংৰক্ষণৰ অৰ্থ মেধাৰ হকে বিৰোধিতা কৰা নহয় । নীটৰ সংৰক্ষণ বিষয়ক গোচৰত এইদৰে মত প্ৰকাশ কৰিলে উচ্চতম ন্যায়ালয়ে । সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এ এছ ব’পান্নাৰ বিচাৰপীঠে কালি নীটৰ সংৰক্ষণৰ সন্দৰ্ভত উত্থাপিত এক গোচৰত এইদৰে ৰায়দান কৰে । বিচাৰপীঠখনে জনোৱা অনুসৰি ৰাজ্যৰ চৰকাৰী চিকিৎসা শিক্ষানুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত নীটৰ সৰ্বভাৰতীয় কোটাৰ অধীনত অন্যান্য অনগ্ৰসৰ শ্ৰেণী (অ’ বি চি)ৰ বাবে যি ২৭ শতাংশ সংৰক্ষণৰ ব্যৱস্থা আছিল, সেয়া বাহাল থাকিব ।
ন্যায়াধীশদ্বয়ৰ বিচাৰপীঠে এইদৰে কয়, ‘প্ৰতিযোগিতামূলক পৰীক্ষাসমূহে অৰ্থনৈতিক বা সামাজিক সুবিধাক প্ৰতিফলিত নকৰে সংবিধানৰ অনুচ্ছেদ ১৫ (৪) আৰু ১৫ (৫)-এ প্ৰকৃত সমতাৰ কথা দাঙি ধৰিছিল । যোগ্যতা সামাজিকভাৱে প্ৰাসংগিক হোৱা উচিত । সংৰক্ষণৰ অৰ্থ যোগ্যতা বা মেধাৰ স’তে বিৰোধিতা কৰা নহয় ।’
উল্লেখ্য যে ভাৰতৰ মেডিকেল শিক্ষানুষ্ঠানসমূহৰ ১৫ শতাংশ আসন সৰ্বভাৰতীয় কোটাৰ অধীনত (এ আই কিউ)ৰ আছে । অৰ্থনৈতিকভাৱে দুৰ্বল (ই ডব্লিউ এছ) শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নীটত উত্তীৰ্ণ হ’লেও ১০ শতাংশ এ আই কিউ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, ২৭ শতাংশ আসন অ’ বি চিৰ বাবে সংৰক্ষণ আছে । অনুসূচিত জাতি-জনজাতি আৰু পি ডব্লিউ শ্ৰেণীৰ প্ৰাৰ্থীৰ সংৰক্ষণৰ বাহিৰত এই বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ পূৰ্বে সংৰক্ষণক লৈ সৃষ্টি হোৱা আইনী জটিলতাৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ নীট কাউন্সেলিং স্থগিত ৰখা হৈছে ।
উচ্চতম ন্যায়ালয়ে অ’ বি চিৰ ২৭ শতাংশ আৰু ই ডব্লিউ এছৰ ১০ শতাংশ আসন সংৰক্ষণ বাহাল ৰাখি নীট কাউন্সেলিং আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল । সেই অনুসৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে, অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা নীট ইউ জিৰ কাউন্সেলিং আৰম্ভ হ’ব । ইয়াৰ মাজতে কালি উচ্চতম ন্যায়ালয়ে এই গোচৰৰ যায় দি ক’লে যে সৰ্বভাৰতীয় কোটাত অ’ বি চিৰ বাবে ২৭ শতাংশ সংৰক্ষণ বাহাল থাকিব ।