Zara Rutherford : পাঁচ মাহত ৩০ দেশ, প্রপেলাৰ বিশিষ্ট বিমানত বিশ্বজয় কৰি অভিলেখ সর্বকনিষ্ঠা জাৰাৰ

20xp aviator1 articleLarge v3

৩২৫ কিলোগ্রামৰ এক প্রপেলাৰ বিশিষ্ট প্লেন চলাই পাঁচ মাহত বিশ্বভ্রমণ কৰি ১৯ বছৰীয়া জাৰা ৰাদাৰফোর্ড, অর্জন কৰিলেন বিশ্বভ্রমণ কৰা সর্বকনিষ্ঠ পাইলটৰ উপাধি ।

পাইলট অভিভাৱকৰ সংগত ডাঙৰ হোৱা জাৰাই আকাশত উৰনকেই জীৱনৰ ধ্যান আৰু জ্ঞান কৰে । ব্রিটেইন আৰু বেলজিয়ামৰ দ্বৈত নাগৰিকত্ব আছে তেওঁৰ ।

২০২১-ৰ ১৮ আগষ্টত যাত্রা আৰম্ভ কৰে জাৰাই । যোৱা বৃহস্পতিবাৰে বেলজিয়ামৰ কোৰত্রত চহৰত অৱতৰণ কৰে তেওঁৰ বিমানে আৰু তেতিয়াই শেষ হয় এই কন্যাৰ বিশ্বভ্রমণ । স্পনছৰশ্বিপৰ চর্ত অনুযায়ী নিশাৰ অন্ধকাৰতো তেওঁ বিমান চালনা কৰে ।

সাংবাদিকৰ প্রশ্নৰ উত্তৰত জাৰাই জনায়, তেওঁৰ বিমানে ৩০খন দেশ পাৰ হৈছে, ছাইবেৰিয়াৰ বৰফ ঢকা অঞ্চলৰ ওপৰৰ আকাশেই আছিল তেওঁৰ যাত্রাপথৰ দুর্গমতম পথ । মাইনাছ ২২ ডিগ্ৰী তাপমাত্রাত বিমান চলোৱাৰ সেই প্ৰত্যাহ্বানকো অতিক্রম কৰিছে দুঃসাহসী জাৰাই ।

সম্প্ৰতি এসপ্তাহৰ সম্পূৰ্ণ বিশ্রাম, তাৰ পাছত হয়তো পুনৰ কোনো দুর্গম যাত্রাপথ আৰম্ভ কৰাৰ প্রস্তুতি চলাব ।

Exit mobile version