অষ্ট্রিয়াত ফেব্ৰুৱাৰীৰ পৰা বাধ্যতামূলক ক’ভিড টিকাকৰণ

Australia announces deal for 84 million COVID 19 vaccine doses

ক’ভিড প্ৰতিৰােধৰ বাবে টিকাকৰণৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ল অষ্ট্রিয়া। দেশখনৰ সংসদে টিকাকৰণ বাধ্যতামূলক কৰাৰ বিধেয়কত অনুমােদন জনালে।

ADVERTISEMENT

অহা পহিলা ফেব্ৰুৱাৰীৰ পৰা অষ্ট্রিয়াত টিকাকৰণ বাধ্যতামূলক আইনখন প্রযােজ্য হ’ব। উল্লেখ্য যে টিকাকৰণ বাধ্যতামূলক কৰা অষ্ট্রিয়াই হৈছে ইউৰােপীয় সংঘৰ প্ৰথমখন দেশ।

পশ্চিম ইউৰােপৰ এইখন দেশত বর্তমানলৈকে ৭৫ শতাংশ টিকাকৰণ সম্পন্ন হৈছে। ৯০ লাখ জনসংখ্যাৰ অষ্ট্রিয়াত দৈনিক গড়ে ১৭ হেজাৰ লােক সম্প্রতি কৰ’নাত সংক্রমিত হৈ আহিছে।

Exit mobile version