চিৰাং জিলা প্ৰশাসনে বন্ধ কৰিলে বনভোজ স্থলী

চিৰাঙত নিতৌ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । যাৰ বাবে জিলা প্ৰশাসনে বন্ধ কৰিলে বনভোজ স্থলীসমূহ । চিৰাং জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ অধ্যক্ষ নৰেন্দ্ৰ কুমাৰ শ্বাহে শুকুৰবাৰে এক নিৰ্দেশনাযোগে আজি ৰাতিপুৱা ছয় বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰিলে জিলাখনৰ সকলো বনভোজ স্থলী । লগতে নিৰ্দেশনাত উল্লেখ যে জিলাখনৰ কোনো ঠাইতে মানুহৰ সমাগম হ’ব নোৱাৰিব আৰু ক’ভিডৰ সকলো নীতি নিৰ্দেশনা মানি চলিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । অন্যথা নিৰ্দেশনা অমান্য কৰা লোকৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ লোৱাৰ কথাও জনায়‌ ।

শুকুৰবাৰে জিলা উপায়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি, ঠায়ে ঠায়ে বনভোজ স্থলীসমূহ বন্ধ হৈ পৰে যদিও ঠায়ে ঠায়ে দেখিবলৈ পোৱা গ’ল পূৰ্বৰ দৰেই বনভোজ চলি থকা । আৰক্ষীয়ে চলি থকা বনভোজ স্থলীসমূহ বন্ধ কৰি দিয়া পৰিলক্ষিত হয় । আমগুৰি থানাৰ আৰক্ষীয়ে হাগ্ৰামা দলঙৰ কাষত থকা আই ভেলি পিকনিক স্পট বন্ধ কৰি দিয়া পৰিলক্ষিত হয় ।

ইপিনে, জিলাখনৰ ভূটান সীমান্তৰ দাদগিৰীৰ দাঁতিকাষৰীয়া মোনাবিলি, নিজলাগুৰীৰ বনভোজ স্থলীসমূহ বন্ধ কৰিলে আয়োজক সমিতিয়ে ।

Exit mobile version