Hana Horka : ইচ্ছা কৰি ক’ভিড সংক্রমিত হৈছিল ! শেষত মৃত্যুও হ’ল কৰ’নাতেই

34e7ba48 f21f 448e 832e 12ad73cf8bff 4743f056

স্বইচ্ছাৰে ক’ভিডত সংক্রমিত হৈছিল আৰু সেই ইচ্ছাই প্রাণ কাঢ়িলে । চেক প্রজাতন্ত্রৰ লোকসংগীত শিল্পী হানা হোৰকা সম্পর্কে সংবাদমাধ্যমত এই তথ্য জনাইছে তেওঁৰ পুত্ৰ জেন ৰেকে ।

মৃত্যুৰ কিছুদিন আগতে সামাজিক মাধ্যমত ৫৭ বছৰ বয়সীয়া হানাই লিখে, তেওঁ ক’ভিড পজিটিভ হৈছে আৰু সুস্থ হ’বলৈ লৈছে । কিন্তু তাৰ দুদিন পাছতেই মৃত্যু হয় ।

শিল্পীগৰাকীৰ পুত্র‌ই জনাইছে, হানা নিজেই ক’ভিড টিকা লোৱা নাই । হানা ক’ভিড টিকা লোৱাৰ বিৰোধী আছিল বুলিও জনাইছে জেনে । ঘৰত জেন আৰু তেওঁৰ পিতৃ প্রথম ক’ভিড আক্রান্ত হয় । কিন্তু সেই সময়ত হানাই তেওঁলোকৰ পৰা দূৰত্ব বজায় নাৰাখে । বৰঞ্চ স্ব‌ইচ্ছাই তেওঁলোকৰ সংস্পর্শত আহে ।

জেনে কয়, ‘‘যিহেতু ম‌ই আৰু দেউতা ক’ভিড পজিটিভ হৈছিলো, মায়ে নিভৃতবাসত থকা উচিত আছিল । কিন্তু তাকেই নকৰি তেওঁ সকলো সময়তেই আমাৰ সংস্পর্শত আছিল ।”

মৃত্যু হোৱাৰ দিনাখন পুৱা হানাই কয়, তেওঁ আগতকৈ সুস্থ অনুভৱ কৰিছে আৰু খোজকাঢ়িবলৈ যাব । কিন্তু ইয়াৰ কিছু সময় পাছতেই তেওঁৰ পিঠিত বিষ আৰম্ভ হয় । তেওঁ ঘৰত গৈ শুই পৰে । জেনে কয়, ‘‘মাত্র ১০ মিনিটৰ ভিতৰতে সকলো শেষ হৈ গ’ল ।”

Exit mobile version