Lata Mangeshkar : ১১ দিন ধৰি আইচিইউত লতা মংগেশকাৰ ,ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ অনুৰোধ

photo

বিগত ১১ দিন ধৰি আইচিইউত ভৰ্তি আছে কণ্ঠশিল্পী লতা মংগেশকাৰ ।বিগত ১১ জানুৱাৰীত মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল গায়িকাগৰাকীক।

ADVERTISEMENT

এতিয়াও চিকিৎসকৰ তত্বাৱধানত থাকিব লাগিব ৯২ বছৰীয়া গায়কগৰাকী । লতাৰ মুখপাত্ৰই গায়কৰ পৰিয়ালৰ তৰফৰ পৰা ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাইছে।

ইয়াৰ লগতে তেওঁ পৰিয়ালৰ ব্যক্তিগত পৰিসৰত প্ৰৱেশ নকৰিবলৈও অনুৰোধ জনাইছে।

গায়িকৰ জনসম্পৰ্ক দলৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, ‘অনুৰোধ, ভুৱা বাতৰিবোৰ গুৰুত্বসহকাৰে নল’ব । লতাদিদি এতিয়াও আইচিইউত আছে। তেওঁ বিশিষ্ট চিকিৎসক আৰু তেওঁৰ দলৰ পৰ্যবেক্ষণত আছে। চিকিৎসক আৰু পৰিয়ালৰ নিজৰ ব্যক্তিগত স্থানত শান্তিৰে থাকিবলৈ দিয়ক।’

এই সপ্তাহৰ আৰম্ভণিতে, শুনা গৈছিল যে গায়িকাগৰাকীৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছে। তেতিয়া মুখপাত্ৰজনে ক’লে, ‘লতাদিদি এতিয়াও সুস্থ হৈ আছে। যদি চিকিৎসকে তেওঁক অনুমতি দিয়ে তেন্তে তেওঁ ঘৰলৈ উভতি আহিব। চাৰিওফালে ভুৱা বাতৰি বিয়পোৱাটোৱে পৰিয়ালটোৰ বাবে বহুত সমস্যাজনক কৰি তোলে। তেওঁক দক্ষ চিকিৎসকে শুশ্ৰুষা কৰি আছে। আপুনালোকে তেওঁৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰক।’

Exit mobile version