LPG-Ration : ৰেচনৰ দোকানত এলপিজি ছিলিণ্ডাৰ

image

অতি শীঘ্ৰেই ৰেচনৰ দোকানত উপলব্ধ হ’ব ৰাজসাহাৰ্য্যযুক্ত পাঁচ কিলোগ্ৰামৰ এলপিজি ছিলিণ্ডাৰ । কেন্দ্ৰই দেশৰ ৰেচন প্ৰণালী বৃদ্ধি কৰিবলৈ আৰু ঘৰে ঘৰে গেছ বিতৰণ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।

অনাগত দিনত ৰেচন দোকানৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ চাউল ঘেঁহুৰ লগতে মাহজাতীয় শস্য আৰু খোৱা তেল উপলব্ধ হ’ব।

ৰেচন ব্যৱসায়ীসকলে দুবছৰ আগতে ৰেচন দোকানৰ পৰা এলপিজি গেছ সেৱা আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় খাদ্য আৰু বিতৰণ মন্ত্ৰালয়ৰ ওচৰত আবেদন কৰিছিল ।

অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰ ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিশ্বম্ভৰ বসুৱে আজি কয় যে কেন্দ্ৰই এই প্ৰস্তাৱ নীতিগতভাৱে গ্ৰহণ কৰিছে।

তেওঁ কয়, “চৰকাৰে ৰেচন দোকানৰ পৰা ৰাজসাহায্যযুক্ত এলপিজি চিলিণ্ডাৰ বিক্ৰী কৰিবলৈ সন্মত হৈছে। যদিও চৰকাৰে প্ৰথমতে ৰাজসাহায্যবিহীন চিলিণ্ডাৰ বিক্ৰী কৰাৰ কথা কৈছিল, সংগঠনটোৱে ৰেচন দোকানত গ্ৰাহকৰ বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ বিক্ৰী কৰাৰ ওপৰত জোৰ দিছিল। যিটো কেন্দ্ৰই গ্ৰহণ কৰিছে। কিন্তু কেন্দ্ৰই সেই চিলিণ্ডাৰৰ মূল্য চূড়ান্ত কৰা নাই।”

আগন্তুক দিনত, চাউল আৰু ঘেঁহুৰ লগতে মুগ, মচুৰ দাইল আৰু সৰিয়হৰ তেল ৰেচন দোকানত উপলব্ধ হ’ব।

বৰ্তমান, এজন ৰেচন ব্যৱসায়ীয়ে প্ৰতি কুইন্টাল চাউল বা ঘেঁহুত ৭০ টকা লাভ কৰে। যাৰ দ্বাৰা ৰেচন দোকানৰ মালিকসকলে দোকানৰ খৰচ আৰু কৰ্মচাৰীসকলৰ দৰমহা পৰিশোধ কৰে।

মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰেচন মালিকসকলে প্ৰতি কুইন্টালত ২৫০ টকা উপাৰ্জনদাবী কৰি আহিছিল। কেন্দ্ৰীয় খাদ্য আৰু বিতৰণ মন্ত্ৰালয়ৰ সচিব সুধাংশু পাণ্ডেৰ স’তে হোৱা বৈঠকৰ পাছত বিশ্বম্ভৰ বসুৱে কয়, “চৰকাৰে পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা ডিলাৰৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ সন্মত হৈছে। কেন্দ্ৰীয় আৱণ্টনৰ ভিত্তিত সিদ্ধান্ত লোৱা হ’ব যে অনাগত দিনত প্ৰতি কুইন্টালত কিমান টকা ব্যৱসায়ীসকলে লাভ কৰিব। ”

Exit mobile version