এটা ঘৰতে ১২৪ টা সাপৰ আক্ৰমণ

মৰ্মান্তিক দৃশ্য দেখি আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল এনে । পৃথিৱীত এইটো প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে। তথ্য অনুসৰি ইমান বৃহৎ সংখ্যক সাপৰ আক্ৰমণ খবৰ এইয়াই প্ৰথম

j

আমেৰিকাৰ এজন ব্যক্তিৰ ঘৰত ১২৪ টা সাপে একেলগে আক্ৰমণ কৰে । সাপে আক্ৰমণ কৰাৰ পাছত ব্যক্তি জনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে ।

এনে মৰ্মান্তিক দৃশ্য দেখি আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল এনে । পৃথিৱীত এইটো প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে। তথ্য অনুসৰি ইমান বৃহৎ সংখ্যক সাপৰ আক্ৰমণ খবৰ এইয়াই প্ৰথম ।

আমেৰিকা সংবাদ মাধ্যমৰ মতে, আমেৰিকা মেৰিলেণ্ডৰ এটা ঘৰত ১২৪ টা সাপে আক্ৰমণ কৰে । ১৯ জানুৱাৰীৰ সন্ধিয়া ছয় বজাত শ শ সাপে এজন লোকৰ ঘৰত আক্ৰমণ চলাইছিল।

ঘৰটোত ৪৯ বছৰীয়া এজন লোক বাস কৰে । প্ৰতিবেদনত কোৱা হৈছে যে দীৰ্ঘদিন ধৰি লোকজনক ঘৰৰ ওচৰৰ লোকে দেখা নাপায় আৰক্ষীক অৱগত কৰিছিল ।

মৃত লোকজনৰ ওচৰৰ মানুহে কয় যে তেওঁলোকে এটা অতি ভয়ংকৰ দৃশ্য দেখিছিল। আৰক্ষীক প্ৰায় লগে লগে খবৰ দিয়ে । তথ্য পোৱাৰ পাছত আৰক্ষী মানুহজনৰ ঘৰত উপস্থিত হৈছিল। মানুহজনৰ ঘৰৰ দুৱাৰ খন খুলি পুলিচে আচৰিত হয়। কাৰণ ঘৰটোৰ মালিক মজিয়াত মৃত অৱস্থাত পৰি আছিল আৰু সাপবোৰে চাৰিওফালে ঘূৰি ফুৰিছিল। আৰক্ষীয়ে কয় যে মানুহজন ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল।

আৰক্ষীয়ে কয় যে মানুহজনৰ ঘৰৰ পৰা ১২৪ টা সাপ ধৰা পৰিছিল। তাৰে কিছুমান বিষাক্ত সাপ আছিল। আনকি সেই ঘৰত এটা অজগৰও আছিল। এই সাপবোৰ কেৱল মানুহজনৰ ঘৰৰ ভিতৰতেই নাছিল ঘৰটোৰ চাৰিওফালেও ঘূৰি ফুৰিছিল।

আৰক্ষীৰ মতে, আমেৰিকা কোনো ঠাইত কেতিয়াও ইমান বৃহৎ সংখ্যক সাপৰ আক্ৰমণ হোৱা নাই। আৰক্ষীয়ে কয় যে মানুহজনৰ ঘৰৰ বাহিৰত খুব কম সাপ দেখা গৈছিল কিন্তু ভিতৰত ১০০ তকৈও অধিক সাপ আছিল।

Exit mobile version