Lata Mangeshkar : দেৱীৰ দৰে শ্ৰদ্ধা কৰে, লতা মংগেশকাৰক চিকিৎসাৰ বাবে ধন দিলে অ’টোচালকে

মহামাৰী কৰ'না আৰু নিউমোনিয়াৰ স'তে যুঁজি আছে গায়িকাগৰাকী । প্ৰাৰ্থনা কৰাৰ উপৰিও, মুম্বাইৰ অটো চালকজনে কিংবদন্তি শিল্পীজনক আৰোগ্য কৰিবলৈ আন পদক্ষেপ লৈছে।তেওঁ নিজৰ উপাৰ্জনৰ টকা চিকিৎসাৰ বাবে দিলে

photo

দেৱীৰ দৰে শ্ৰদ্ধা কৰে লতা মংগেশকাৰক (Lata Mangeshkar) । তেওঁৰ গীতবোৰ নিজৰ অ’টোত লিখি ৰাখি থৈছে । সেই দেৱী চিকিৎসাধীন হৈ আছে আইচিইউত।

ADVERTISEMENT

মহামাৰী কৰ’না আৰু নিউমোনিয়াৰ স’তে যুঁজি আছে গায়িকাগৰাকী । প্ৰাৰ্থনা কৰাৰ উপৰিও, মুম্বাইৰ অটো চালকজনে কিংবদন্তি শিল্পীজনক আৰোগ্য কৰিবলৈ আন পদক্ষেপ লৈছে।তেওঁ নিজৰ উপাৰ্জনৰ টকা চিকিৎসাৰ বাবে দিলে ।

চলিত মাহতে লতা মংগেশকাৰৰ ক’ভিডত আক্রান্ত হৈছিল । পাছত এইটো প্ৰকাশ পাইছিল যে ৯৭ বছৰীয়া কিংবদন্তীজন নিউমোনিয়াতো ভুগি আছে ।

তেওঁ মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ আইচিইউৰ চিকিৎসকসকলৰ তত্বাৱধানত আছে। কিংবদন্তী সংগীতজ্ঞজন তেওঁৰ বাবে দেৱী সৰস্বতীৰ সমান। যিয়ে নিজৰ অ’টোৰ চাৰিওফালে লতা মংগেশকাৰৰ গীত লিখিছে।

যিহেতু তেওঁ লতা মংগেশকাৰৰ অসুস্থতাৰ বিষয়ে শুনিছে, তেওঁৰ আৰোগ্যৰ বাবে দিন-ৰাতি প্ৰাৰ্থনা কৰি আহিছে চালকজনে ।আনকি তেওঁৰ অ’টোৰ বাহিৰতো, লতা মংগেশকাৰৰ দ্ৰুত আৰোগ্য কামনা কৰি এটা বাৰ্তা লিখিছে। অ’টো চলাই যি উপাৰ্জন হয়,সেইয়া কিংবদন্তি শিল্পীজনৰ চিকিৎসাৰ বাবে দিছে সত্যবান।

এতিয়াও আইচিইউত আছে লতা মংগেশকাৰ । ইফালে, তেওঁৰ বিষয়ে ভুৱা বাতৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শিল্পীজনৰ মুখপাত্ৰই সকলোকে এনে উৰাবাতৰি নিবিয়পাবলৈ আহ্বান জনাইছিল।

Exit mobile version