PLA : অৰুণাচনত চীনা সেনা হাতত ‘অপহৃত’ কিশোৰৰ সন্ধান লাভ

"চীনা সেনাই আমাক জনাইছে ,তেওঁলোকে অৰুণাচল প্ৰদেশৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰজনক বিচাৰি পাইছে। এই ক্ষেত্ৰত নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছে

k

অৰুণাচল প্ৰদেশৰ এখন গাওঁৰ পৰা চীনা সেনাৰ দ্বাৰা অপহৃত এজন কিশোৰৰ সন্ধান পোৱা গৈছে। ভাৰতীয় সেনাক এইদৰে জনালে চীনা পিপলছ লিবাৰেচন আৰ্মীয়ে (পিএলএ) ।

ভাৰতীয় সেনাৰ জনসংযোগ বিষয়া লেফটেনেণ্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেয়ে বিবৃতিটোত জনাইছে, “চীনা সেনাই আমাক জনাইছে ,তেওঁলোকে অৰুণাচল প্ৰদেশৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰজনক বিচাৰি পাইছে। এই ক্ষেত্ৰত নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছে। ‘

বিগত ১৮ জানুৱাৰী, মঙলবাৰে অৰুণাচলৰ চিউংলাৰ লুংটা জোৰ অঞ্চলৰ পৰা ১৭ বছৰীয়া মিৰাম তৰণ নামৰ কিশোৰজন সন্ধানহীন হয়।

স্থানীয় সাংসদ তাপিৰ গাওয়ে অভিযোগ কৰিছিল যে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ পাছত পিএলএয়ে তেওঁক অপহৰণ কৰিছিল।

কিশোৰজনৰ নিৰুদ্দেশ হোৱাৰ বিষয়ে গম পোৱাৰ পাছত ভাৰতীয় সেনাই হটলাইনত পিএলএৰ স’তে যোগাযোগ কৰিছিল।

এইটো খবৰ পোৱা গৈছিল যে কিশোৰজনে গছ সংগ্ৰহ কৰোঁতে পথ হেৰুৱাইছিল বুলি ধাৰণা কৰা হৈছে। এই ক্ষেত্ৰত পিএল-ৰ সহযোগিতা বিচৰা হৈছিল। আৰু যেতিয়া তেওঁক বিচাৰি পোৱা গৈছিল, পিএলএক উপযুক্ত প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰলৈ উভতি অহাৰ বিষয়েও অৱগত কৰা হৈছিল।

Exit mobile version