সাৱধান ! ভুলতো WhatsApp বা টেলিগ্ৰামৰ পৰা নকৰিব এই কাম

whatsapp

কৰ’না (CoronaVirus)ৰ ফলত,গৃহবন্দী হৈ মানুহ । স্কুল- কলেজৰ পৰা অফিচলৈকে, এই সকলোবোৰ কাম ঘৰতে চলি আছে।

আৰু ঘৰৰ পৰা কাম কৰা মানেই সামাজিক মাধ্যমত গুৰুত্বপূৰ্ণ তথ্য আদান প্ৰদান কৰা । এই বিষয়ে এইবাৰ সতর্ক কৰিলে কেন্দ্ৰই ।

তথ্য অনুসৰি, কেন্দ্ৰৰ তৰফৰ পৰা নতুন নিৰ্দেশনা প্ৰকাশ কৰিছে । তাত স্পষ্টকৈ কোৱা হৈছে যে চৰকাৰী তথ্য হোৱাটছএপ , টেলিগ্ৰামকে ধৰি কোনো সামাজিক মাধ্যমত শ্বেয়াৰ নকৰিব।

কাৰণ, এই এপ্লিকেচনবোৰৰ চাৰ্ভাৰ ব্যক্তিগত কোম্পানীৰ হাতত আছে। ফলস্বৰূপে, গোপন তথ্য লিক হোৱাৰ সম্ভাৱনা আছে। সেয়েহে, কাৰ্যালয়ৰ তথ্যৰ লেনদেনত তেওঁলোকৰ নিজা ছেট-আপ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।

ইফালে গৃহ প্ৰণালী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো, ইয়াক কেৱল কাৰ্যালয় নেটৱৰ্কৰ স’তে সংযোগ কৰিব পাৰি। কেবিনেট মন্ত্ৰী, সকলো মন্ত্ৰালয় আৰু জ্যেষ্ঠ বিষয়াসকলক এই সন্দৰ্ভত আন এক নিৰ্দেশনা প্ৰদান কৰা হৈছে। তাত নিৰাপত্তা সংক্ৰান্ত মিটিং হোৱাৰ সময়ত স্মাৰ্টৱাচ বা স্মাৰ্টফোনৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আছে।

কেৱল সেয়াই নহয়, ভাৰ্চুৱেল মিটিংৰ ক্ষেত্ৰত কেবাটাও নিৰ্দেশনা দিয়া হৈছে। কৰ’নাৰ ফলত, বহুদিন ধৰি অনলাইন মিটিংত অভ্যস্ত কম বেছি সকলো ।তেনে ক্ষেত্ৰত, প্ৰতিটো পদক্ষেপত পাছৱৰ্ড ব্যৱহাৰ কৰা প্ৰয়োজন। লক্ষণীয় যে কিছু সময়ৰ পৰা হোৱাটছএপৰ জৰিয়তে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে।

Exit mobile version