বাগসাৰ শালবাৰীৰ শিমলাত ভয়ংকৰ পথ দুৰ্ঘটনা

দুৰ্ঘটনাত নিহত দুই কণমানি ছাত্ৰীসহ শিক্ষয়িত্ৰী

3316cc30 0ed9 4b99 b52a a0f438694af5

বাগসাৰ শালবাৰীৰ দাওধাৰাৰ ৰাজপথত মৃত্যুৰ কিৰিলি৷ভয়ংকৰ পথ দুৰ্ঘটনাত দুই কণমানি ছাত্ৰীসহ এগৰাকী শিক্ষয়িত্ৰীৰ ঘটনাস্থলীতে মৃত্যু৷

মৃত্যু হোৱা ছাত্ৰী দুগৰাকী ক্ৰমে কৃষ্টিনা দৈমাৰী(ন) আৰু ভাৰলিনা ব্ৰহ্ম(ন)৷ আনহাতে দুৰ্ঘটনাত নিহত শিক্ষয়িত্ৰী গৰাকী ৰিজিনা কুজুৰ৷ দাওধাৰা হিমালয় পাব্লিক স্কুলৰ ছাত্ৰী আৰু শিক্ষয়িত্ৰী আছিল আটাইকেইগৰাকী৷

তথ্য অনুসৰি আজি ৰাতিপুৱাৰ ভাগত বিদ্যালয়ত শিক্ষয়িত্ৰী গৰাকীয়ে ছাত্ৰী দুগৰাকীক টিউচন কৰি এখন স্কুটিৰে দাওধাৰাৰ নিজ ঘৰলৈ গৈ থকা সময়ত এনএল ০১ এচি ৩০৯৪ নম্বৰৰ তীব্ৰবেগী ট্ৰাক এখনে মহতিয়াই নিয়ে স্কুটিখনক৷

যাৰ ফলত সংঘটিত হয় মৰ্মান্তিক ঘটনাটো আৰু ঘটনাস্থলীতে নিহত হয় দুগৰাকীকৈ ছাত্ৰীসহ শিক্ষয়িত্ৰী গৰাকী৷ঘটনাৰ পিছতেই উত্তেজিত স্থানীয় ৰাইজে শিমলা থানা চৌহদত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে৷

উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনত অগ্নিসংযোগ কৰাৰ লগতে ট্ৰাকৰ গ্লাচ ভাঙি চূৰ্ণবিচূৰ্ণ কৰে৷ ইফালে উত্তেজিত ৰাইজক চত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠিচালনা পৰ্যন্ত কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হয়৷

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক খালেক আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ইফালে বাতৰি যুগুত কৰা পৰ্যন্ত অঞ্চলজুৰি অব্যাহত আছে চৰম উত্তেজনাৰ৷ ভাৰত-ভূটান সংযোগী পথৰ দাওধাৰাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তেজিত ৰাইজে ঘটনাৰ উচিত তদন্ত বিচাৰি তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ট্ৰাক চালকৰ শাস্তিৰ দাবী আৰু মৃত কণমানি দুটিৰ লগতে শিক্ষয়ত্ৰী গৰাকীৰ পৰিয়ালে ন্যায় পোৱাৰ দাবীত উত্তেজিত ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷উল্লেখ্য যে দীৰ্ঘদিন ধৰি ট্ৰাক চালকৰ দৌৰাত্ম্যৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাইছে দাওধাৰাৰ ৰাজপথত৷

তীব্ৰবেগী ট্ৰাকৰ দৌৰাত্ম্য ৰোধ কৰাৰ বাবে প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰী আৰু এবছু নেতাই আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে৷এই পৰ্যন্ত দাওধাৰাৰ লগতে শিমলা আৰক্ষী থানা সম্মুখত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে৷আৰক্ষীয়ে ইতিমধ্যে দুই কণমানি আৰু শিক্ষয়ত্ৰী গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷ শেহতীয়াকৈ পোৱা খবৰমতে বাগসাৰ শালবাৰীৰ দাওধাৰাত হোৱা দুৰ্ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দ্দেশ মৰ্মে শিমলাত উপস্থিত হয় অসমৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক ইউ জি ব্ৰহ্ম৷

ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে দুৰ্ঘটনাৰ তদন্ত কৰা হ’ব৷ গতিৰোধক নিৰ্মাণ কৰা হ’ব৷নিহতৰ পৰিয়াললৈ সাহাৰ্য প্ৰদান কৰা হ’ব৷সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰা হ’ব৷ ইতিমধ্যে ৰাইজৰ অভিযোগৰ ভিত্তিত শিমলা থানাৰ অচি অৰ্জুন দাস সহ তিনিজনক ৰিজাৰ্ভ ক্লোজ কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে৷

ঘটনাস্থলীত উপস্থিত হয় বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োও৷মন্ত্ৰী ব্ৰহ্ম আৰু অধ্যক্ষ গৰাকীয়ে দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ গৈ সমবেদনা জ্ঞাপন কৰে৷

Exit mobile version