ৰক্তচাপ প্ৰতিৰােধ কৰিব কেনেকে

8906c4c8 7f6f 47c0 bdff 1181b4f12352 source v

★উচ্চ ৰক্তচাপত আক্রান্তসকলে কেঁচা নিমখ কম পৰিমাণে খাব লাগে। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামর্শ
গ্ৰহণ কৰাটো জৰুৰী।

★হাই-কাজিয়া আদিৰ পৰা বিৰত থকাটোৱে মংগলজনক। কাৰণ যিমানেই উত্তেজনা বৃদ্ধি পাব যিমানেই ৰক্তচাপাে বৃদ্ধি হােৱাৰ আশংকা থাকে। যিসকলে দিনটোৰ অধিকাংশ সময় হাই-কাজিয়া আদিত লিপ্ত হয়। তেওঁলােকৰ ৰক্তচাপ তুলনামূলকভাৱে বেছি। হাই-কাজিয়া হােৱা পৰিস্থিতিৰ উদ্ভৱ হােৱাৰ আশংকা থাকিলে তেনে পৰিস্থিতি উদ্ভৱ হােৱাৰ পূর্বে নিজে আতৰি অহাটো মংগলজনক।

★শৰীৰৰ ওজন যাতে স্বাভাৱিক ওজনতকৈ বৃদ্ধি নাপায় সেই বিষয়ে সতর্কতা অৱলম্বন কৰা উচিত। কাৰণ শেহতীয়াভাৱে গৱেষকসকলে এই বুলি মন্তব্য আগবঢ়াইছে যে মেদবহুল লােকৰ উচ্চৰক্ত চাপ হােৱাৰ প্রবণতা বেছি। মেদবহুল শিশুৰ এনে ধৰণৰ সমস্যাই সােনকালে গা কৰি উঠে।

★ডায়েবেটিছত আক্রান্তসকলে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰিব লাগিব।

Exit mobile version