ধূমপান এৰিবলৈ সহায় কৰে এই তিনি খাদ্যই

1643266479 cigarette 2

ধূমপান ত্যাগ কৰাৰ পৰামৰ্শ বহুতে দিয়ে। কিন্তু যিসকলে ধূমপান কৰে তেওঁলোকে জানে যে এইটো ইমান সহজ নহয়। এই অভ্যাসে শৰীৰৰ ক্ষতি কৰে এইটো সকলোৱে জানে ।

অৱশ্যে, যথেষ্ট পৰিশ্ৰম কৰা স্বত্বেও, কিছুমান লোকে এই অভ্যাস এৰিব নোৱাৰে। কিছুদিনৰ বাবেও যদি এই অভ্যাস এৰিব পাৰে তথাপিও পুনৰ সেই অভ্যাসলৈ ঘূৰি যায়।

বহুলোকে ধূমপান ত্যাগ কৰাৰ বিভিন্ন উপায়ৰ বিষয়ে পৰামৰ্শ দিয়ে। এই আসক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকসকলে কিছুমান ঔষধও দিয়ে। কিন্তু কিছুমান ঘৰুৱা প্ৰতিকাৰ আছে যিয়ে সমস্যাটো সমাধান কৰিব পাৰে।

এনে সমস্যা আপোনাৰো হৈছে নেকি ? বাৰে বাৰে ধূমপান এৰিব বিচাৰে কিন্তু পৰা নাই ? কিন্তু এই সমস্যাৰ সমাধান কৰিব পাৰে এই তিনিটা উপাদান

কি কি খাদ্যই সহায় কৰিব পাৰে ?

(১) আদা: যেতিয়া আপোনাৰ ধূমপান কৰাৰ ইচ্ছা হয় তেতিয়া মুখত এটুকুৰা আদা লওক। কেতিয়াবা ইয়াত নিমখৰ যোগ দিব পাৰে। ধূমপান কৰাৰ আকাংক্ষা হ্ৰাস হ’ব।

(২) পুদিনা পাত: পুদিনা পাত কিনি ৰাখক ।পুদিনা পাত খিনি ভালদৰে ধুই ৰাখিব । যেতিয়া আপোনাৰ ধূমপান কৰিব ইচ্ছা যায় তেতিয়াই ধুই থোৱা পুদিনাৰ পাত চোবাওক। অলপ সময় ধূমপান কৰিবলৈ ইচ্ছা নাযায়। যদি পুনৰ ধূমপান কৰাৰ ইচ্ছা হয় তেন্তে পুনৰ একেটা কামে কৰিব।

(৩) আমলখি : এই ফলে নিকোটিনৰ প্ৰতি থকা চাপ হ্ৰাস কৰিব পাৰে। প্ৰত্যেক ৰাতিপুৱা আপুনি কেঁচা আমলাকিৰ কেইটামান টুকুৰা চোবাব আৰু আৰু এগিলাচ পানী খাওক। যদি আপুনি নিয়মীয়াকৈ এনে কৰে, আপুনি ধূমপান কৰাৰ আকাংক্ষা হ্ৰাস কৰিব। নিয়মীয়া ধূমপানৰ ফলত শৰীৰত বিভিন্ন প্ৰকাৰৰ প্ৰদূষক জমা হয়। এই সকলোবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ, আপুনি গৰম পানীও খাব পাৰে।

Exit mobile version