নেমুখেতিৰে বছৰি সাত লক্ষাধিক টকা উপাৰ্জন বাগসাৰ লাৱদাংগুৰিৰ ৰবীন বসুমতাৰীৰ

lemon grove 2314832 1280

কৃষিকৰ্মৰে বছৰি লাখ লাখ টকা উপাৰ্জন কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বাগসাৰ লাৱদাংগুৰী গাঁওৰ ৰবীন বসুমতাৰীয়ে৷

বিগত প্ৰায় ছয় বছৰ ধৰি নিজৰ দহবিঘা কৃষিভূমিত নেমু খেতি কৰি অঞ্চলটোৰ এজন আদৰ্শ কৃষকত পৰিণত হৈছে ৰবীন বসুমতাৰী৷প্ৰতিদিনে দহৰ পৰা পোন্ধৰ গৰাকী শ্ৰমিকক নিজৰ কৃষিকৰ্মত জড়িত কৰি কৰ্মসংস্থাপনৰো বাট দেখুৱাইছে কৃষকগৰাকীয়ে৷

ইতিমধ্যে ওচৰ পাজৰৰ উঠি অহা প্ৰজন্মক বিনামূলীয়াকৈ কৃষিকৰ্মৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বিনামূল্যে শ শ নেমুপুলি যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিছে কৃষকগৰাকীয়ে৷উল্লেখ্য যে যোৱাবৰ্ষত লকডাউনে জুৰুলা কৰাৰ পিছতো নেমু বিক্ৰী কৰি সাত লক্ষাধিক টকা উপাৰ্জন কৰাৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে বসুমতাৰীয়ে৷

চৰকাৰী কোনো অনুদান লাভ নকৰাকৈ নিজৰ একান্ত প্ৰচেষ্টাৰে কৃষিকাৰ্যত জড়িত হৈ এই সফলতা অৰ্জন কৰিছে ৰবীন বসুমতাৰীয়ে৷খেতিয়ক ৰবীন বসুমতাৰীয়ে কয়,’যোৱা ছয়টা বছৰ ধৰি খেতি কৰি আহিছোঁ৷আগতে অলপ মাটিত আৰম্ভ কৰিছিলোঁ যদিও এতিয়া দহবিঘা মাটিত মই নেমু খেতি কৰিছোঁ৷এনেকৈ খেতিৰে ভালেখিনি টকা উপাৰ্জন কৰি আহিছোঁ যদিও কৰ’নাৰ বাবে বিগত সময়ত দিয়া তলাবন্ধৰ বাবে কিছুপৰিমাণে লোকচানৰ সমুখীনো নোহোৱা নহয়৷বজাৰৰ অভাৱত নেমুবোৰ বিক্ৰী কৰিব পৰা নাছিলোঁ৷গছতেই পকি সৰি গৈছিল তেতিয়া সকলো৷তথাপি এতিয়া আকৌ আগৰদৰে উপাৰ্জনৰ পথ সূচল হৈ আহিছে৷গাঁওৰ ১৫/১৬জন মানুহ সদায় মোৰ খেতিত লাগি থাকে৷তেওঁলোকৰ পৰিয়াল চলোৱাৰ ক্ষেত্ৰতো মই কিছু সকাহ দিব পাৰিছোঁ বুলি ভাবি মনত আনন্দ পাইছোঁ৷ ওচৰ চুবুৰীয়াৰ বহু ল’ৰাকো মই নেমু খেতিৰে কেনেকৈ স্বাৱলম্বী হ’ব পাৰি তাৰ প্ৰশিক্ষণ দিয়ো আহিছোঁ৷ইতিমধ্যে মই প্ৰায় সাত হাজাৰ নেমু পুলি চুবুৰীয়াৰ ল’ৰাক বিনামূল্যেই যোগান ধৰিছোঁ৷মোৰ উৎসাহৰ বাবে এতিয়া ইয়াৰে প্ৰায়বোৰ মানুহে নেমু খেতি কৰিবলৈ লৈছে৷কাৰোবাৰ যি অলপ খালী মাটি আছে তাতো নেমু খেতি কৰিবলৈ মন মেলিছে৷এইয়া এই অঞ্চলৰ লোকৰ বাবে শুভলক্ষণ৷ বসুমতাৰীয়ে কয়,কিছুমানে চাকৰিৰ পিছে পিছে দৌৰে৷কিছুমানে পায়,কিছুমানে নাপায়৷বহুতেই আকৌ চাকৰিৰ পিছে পিছে দৌৰি থাকোতেই সময়বোৰ পাৰ হৈ যায়৷চাকৰি পোৱাটো ইমান মামুলি নহয়৷গতিকে চাকৰিৰ পিছে পিছে নদৌৰি এনেকৈ খেতিৰ জৰিয়তেও স্বাৱলম্বী হোৱাৰ লগতে পৰিয়াল চলোৱাৰ বাট সুন্দৰকৈ মোকোলাই ল’ব পাৰি৷ ‘

বৰ্তমানলৈকে চৰকাৰীভাবে অলপো অনুদান লাভ নকৰা ৰবীন বসুমতাৰীয়ে কয়,’মই চৰকাৰী অনুদান পাতিও লাভ কৰা নাই,হাতত যি আছিল সেই ধনেৰে খেতিৰ আৰম্ভণি কৰিছোঁ৷অৱশ্যে মই ওচৰৰে গাঁৱৰ দুই চাৰিজন মুছলমান ভাই বন্ধুৰ পৰা নেমু খেতিৰ পাতনি কেনেকৈ মেলিব পাৰি সেইবিষয়ে জানি লৈছিলোঁ,শিকি লৈছিলোঁ৷তেওঁলোকৰ লোকৰ লগত আদানপ্ৰদান সদায় আছে আমাৰ৷মই বৰ্তমানো অভিজ্ঞ খেতিয়কৰ পৰা দিহা পৰামৰ্শ লও৷ অকল মই নেমু খেতি বুলিয়েই নহয় জলকীয়া,বেঙেনা,বিলাহী আদিৰ খেতিৰ সতেও জড়িত মই৷যোৱা বছৰ অকল নেমু খেতিৰ জৰিয়তে সাত লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ৷’

Exit mobile version