Madhuri Dixit : ফেব্ৰুৱাৰীৰ শেষত অ’টিটি পৰ্দাত মাধুৰীৰ প্ৰথম ৱেব ছিৰিজ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত অপেক্ষাৰ অন্ত পেলাই আহি আছে অ’টিটি স্ক্ৰীণত জনপ্ৰিয় অভিনেত্ৰী মাধুৰী দীক্ষিত । এইখন মাধুৰী দীক্ষিতৰ প্ৰথম ছিৰিজ। নেটফ্লিক্সত অ’টিটি স্ক্ৰীণত তেওঁৰ এইটো প্ৰথম কাম ।

অ’টিটিত মাধুৰীৰ আত্মপ্ৰকাশক লৈ বিগত বৰ্ষত আৰম্ভ হৈছিল আলোচনা । নেটফ্লিক্স কৰ্তৃপক্ষই ঘোষণা কৰিছিল যে তেওঁলোকৰ দশকৰ জনপ্ৰিয় অভিনেত্ৰীৰ প্ৰথম ছিৰিজ ‘ফাইণ্ডিং অনামিকা’ সোনকালেই পৰ্দাত আহিব।

ইয়াৰ এক আভাস মুকলি কৰাৰ পাছত, অৱশেষত বৃহস্পতিবাৰে দেখা গ’ল ছিৰিজ পোষ্টাৰ। প্ৰযোজক কৰণ জোহৰে ঘোষণা কৰিছিল যে ছিৰিনখন ২৫ ফেব্ৰুৱাৰীত ‘দ্য ফেম গেম’ নামত মুক্তি পাব। সলনি হৈছে ছিৰিজৰ পোষ্টাৰও ।

https://twitter.com/karanjohar/status/1486598157014220801?s=20

টুইটাৰত নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছে কৰণে। ছিৰিজৰ চুপাৰষ্টাৰ অনামিকা আনন্দৰ চৰিত্ৰত অভিনয় কৰিছে মাধুৰীয়ে ।

Exit mobile version