গেছৰ সমস্যাত ভুগিছে ? ব্যৱহাৰ কৰক এই কেইটা টিপছ

fa4ffb28ff417803aafc6b9a156e41111636168293

★ৰাতিপুৱা খালি পেটত গৰম পানী সেৱন কৰা

নিয়মীয়াকৈ গেছৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে গৰম কুহুমীয়া পানী খোৱা অভ্যাস কৰাটো উচিত। গৰম পানী সেৱন কৰাৰ ফলত পেট পৰিষ্কাৰ হোৱাৰ লগতে শৰীৰৰ পৰা অতি সহজে গেছ ওলায় যায়।

★ এক চামুচ আজৱাইন বা জিৰা গুড়ি খাব

গেছৰ সমস্যাত ভুগি থকা লোকসকলে গৰম পানী খাবলৈ অসুবিধা পালে, এক চামুচ আজৱাইন বা জিৰা গুড়ি অলপ পানীত গৰম কৰি লৈ ভালদৰে উতলোৱাৰ পিছত পানীখিনি ঠাণ্ডা কৰি এটা পৃথক পাত্ৰত ৰাখক। তাৰ পাছত দিনত দুই বাৰকৈ সেই পানী খাব পাৰে।

★ ক’লা নিমখ

গেছৰ সমস্যাত ভুগি থকা লোকসকলে ক’লা নিমখ খাব পাৰে, যি পেট ঠাণ্ডা কৰি ৰাখে। যদি ৰাতিপুৱা পানীত অলপমান ক’লা নিমখ মিহলি কৰি সেৱন কৰে তেন্তে গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই মিশ্ৰণটো তৎক্ষণাৎ পাকস্থলীৰ পৰা গেছ আঁতৰ কৰিবলৈ সৰ্বশ্ৰেষ্ঠ আৰু সহজ ঘৰুৱা প্ৰতিকাৰ।

★চফ

চফে কৰিব পাৰে গেছৰ ফলত হোৱা বিষ । খাদ্য খোৱাৰ পাছত চফ চোবাই খালে এচিড হোৱাৰ সম্ভাৱনা নাথাকে। পুৱা খালী পেটত সেই পানী খাওক। গৰম পানীত চফৰ স’তে কেইটামান পদিনা পাত দি খাব পাৰে। এইধৰণেও গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব।

Exit mobile version