BS Yediyurappa: য়েদিয়ুৰাপ্পাৰ নাতিনীৰ মৃতদেহ উদ্ধাৰ ,চাৰিমহীয়া সন্তানক এৰি আত্মহনন ?

শুকুৰবাৰে পুৱা উদ্ধাৰ হ’ল কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা এছ য়েদিয়ুৰাপ্পাৰ নাতিনী সৌন্দৰীয়া নীৰজৰ ওলমি থকা মৃতদেহ।

৩০ বছৰীয়া সৌন্দৰীয়া বৃত্তিত এগৰাকী চিকিৎসক আছিল। তেওঁৰ এটি চাৰি মহীয়া সন্তানো আছে। প্ৰাৰম্ভিক অনুসন্ধানত, আৰক্ষীৰ অনুমান , “মাতৃত্বৰ পাছৰ হতাশা”ৰ বাবে আত্মহত্যা কৰে তেওঁ।

য়েদুৰাপ্পাৰ জীয়ৰী পদ্মাৰ কন্যা সৌন্দৰীয়াৰ মৃতদেহ বাংগালুৰুৰ বসন্তনগৰ অঞ্চলত থকা তেওঁৰ ফ্লেটৰ এটা কোঠাত ওলমি থকা অৱস্থাত পোৱা গৈছে।

সৌন্দৰীয়াৰ স্বামী, বৃত্তিত চিকিৎসক নীৰজে আৰক্ষী থানাক অৱগত কৰে আৰু আৰক্ষীয়ে গৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় ব্ৰাউনিং চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ২০১৯ চনত নীৰজৰ স’তে বিবাহ পাশত আৱদ্ধ হৈছিল সৌন্দৰীয়া।

সৌন্দৰীয়াৰ মৃত্যুৰ খবৰ পাই চিকিৎসালয়ত ততাতৈয়াকৈ উপস্থিত হয় কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্বাইকে ধৰি কে’বাজনো বিজেপি নেতা আৰু মন্ত্ৰী।

Exit mobile version