হৃদৰোগ নিয়ন্ত্ৰণত দিয়ক গুৰুত্ব

Heart Attack blog

বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তথ্য অনুসৰি সম্প্রতি যিবােৰ ৰােগৰ বাবে বিশ্বত সর্বাধিক লােকৰ মৃত্যু হৈছে তাৰ ভিতৰত অন্যতম হ’ল হার্ট এটেক।

এইবিধ ৰােগ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। কিছু বছৰ আগলৈকে চল্লিশাের্ধ লােকে এনে ধৰণৰ ৰােগত বেছিকৈ আক্রান্ত হৈছিল যদিও সম্প্রতি অতি কম বয়সতে আক্রান্ত হ’বলৈ ধৰিছে।

এয়া মানৱ জাতিৰ বাবে অশুভ লক্ষণ। যিমানেই কম বয়সত আক্রান্ত হ’ব যিমানেই মৃত্যুৰ হাৰৰ বৃদ্ধি পাই থাকিব। সেয়েহে হাৰ্ট এটেক আদি ৰােগৰ চিকিৎসাৰ সমান্তৰালভাৱে প্ৰতিৰােধ কৰিবলৈ কিছুমান বিষয়ত সদায় গুৰুত্ব প্রদান কৰিবই লাগিব।

শেহতীয়াভাৱে চিকিৎসক তথা গৱেষকসকলে এই বুলি মন্তব্য কৰিছে যে হার্ট এটেকৰ চিকিৎসা আক্রান্ত হােৱাৰ এঘণ্টামানৰ ভিতৰত কৰিব পাৰিলে সুফল পােৱা যায়।

তদুপৰি চিকিৎসাতকৈও অধিক কার্যকৰী যদিহে দৈনন্দিন জীৱন যাপনত কিছুমান বিষয়ত সতর্কতা অৱলম্বন কৰা হয়। অর্থাৎ সতর্কতাৰেই প্ৰতিৰােধ কৰিব পাৰি হাৰ্ট এটেকৰ লগতে আন বহুতাে হৃদৰােগ।

৮০ শতাংশৰইে ‘ প্রিমেচিউ’ৰ হাৰ্ট এটেক আৰু ষ্ট্র’ক প্ৰতিৰােধ কৰাটো সম্ভৱ। সাধাৰণতে পৰিয়ালৰ ইতিহাস, বয়স, লিংগ আদি কাৰণত হােৱা হাৰ্ট এটেক আদি প্ৰতিৰােধ কৰাটো সম্ভৱ নহয়। এনে কাৰণত আক্রান্ত হলে চিকিৎসা কৰিবই লাগিব।

কিন্তু ইয়াৰ গতি বহু পৰিমাণে মন্থৰ কৰাটো সম্ভব। সেইবাবে প্রতিবােধী ব্যক্তিয়ে প্ৰতিৰােধৰ ওপৰত সদায় গুৰুত্ব প্রদান কৰা উচিত। নিয়মীয়াকৈ পৰীক্ষা কৰাৰ লগতে শংকা থকা কাৰকবােৰ প্রতিহত বা নিয়ন্ত্রণ কৰিব লাগিব।

Exit mobile version