মানাহ ৰাষ্ট্ৰীয় উদ্যানত চাফাই অভিযান

ab3181d2 8ae5 40a5 893c 33470b29ea1e

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আজি এক চাফাই অভিযান সম্পন্ন হয়।’মানাহ জীপ ছাফাৰি সন্থা’ৰ উদ্যোগত অনুষ্ঠিত আজিৰ এই চাফাই অভিযান ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সম্মুখৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ ২ নং গেট আৰু তাৰ পাছতেই ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপৰ বেঁকী নৈৰ পাৰৰ বনভোজস্থলী পৰ্যন্ত চলোৱা হয়।

আনহাতে আজি অনুষ্ঠিত এই চাফাই তথা পৰিবেশ নিকাকৰণ অভিযান উদ্বোধন কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী কাৰ্যালয়ৰ বন বিষয়া গৰাকীয়ে আমাৰ প্ৰত্যেকেই সুস্থ জীৱন নিৰ্বাহৰ স্বাৰ্থতে পৰিবেশ নিকা কৰি ৰখাটো জৰুৰী আৰু পৰিস্কাৰ পৰিচ্ছন্নতাক প্ৰত্যেকেই প্ৰাত্যহিক জীৱনৰ সঙ্গী কৰি লোৱা উচিত বুলি মন্তব্য কৰে।

পৰাধীন ভাৰতবৰ্ষত ‘জাতিৰ পিতা’ মহাত্মা গান্ধীয়েই এনেধৰণে স্বচ্ছতাৰ অভিযান পোন‌ প্ৰথমে আৰম্ভ কৰিছিল বুলিও তেওঁ মন্তব্য কৰে।বিষয়া গৰাকীয়ে ‘স্বচ্ছতা মানেই ঈশ্বৰ পৰায়ণতা’ বুলিও মন্তব্য কৰে।

আনহাতে এনে অভিযানে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুৰ পক্ষে এক অনুকুল পৰিবেশো সৃষ্টি কৰি অহাৰ লগতে উদ্যানখনৰ শ্ৰীবৃদ্ধিতো সহায় কৰি আহিছে বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য, আজিৰ এই চাফাই অভিযানত বাঁহবাৰী উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত দাস আৰু স্বেচ্ছাসেৱী সংগঠন ‘মিউজ’ৰ সাধাৰণ সম্পাদক বীৰ বাহাদুৰ লামাৰ লগতে জীপ ছাফাৰী এচোছিয়েশ্যনৰ বহুসংখ্যক কৰ্মী আৰু সদস্যই ভাগ লয়।

উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে পৰৱৰ্তী সময়ত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণেৰে এই চাফাই অভিযান ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপৰ বজাৰ-সমাৰ তথা ৰাজহুৱা স্থানসমূহলৈও সম্প্ৰসাৰিত কৰি৷

Exit mobile version