‘বেদখলকাৰী’কে শস্য চপােৱাৰ কামত লগাইছে কৃষি প্রকল্পই

গৰুখুঁটিৰ নতুন ৰূপ ,আত্মনিৰ্ভৰ অসমৰ প্রহসন

d383d8fc 495e 464b a5fb 8761164b9aed

বহু বিতর্ক আৰু ৰক্তাক্ত উচ্ছেদ অভিযানৰ অন্তত যােৱা বছৰৰ ছেপ্টেম্বৰৰ শেষত দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুখুঁটিত অসম চৰকাৰে যুদ্ধ সদৃশ গতিৰে স্থাপন কৰা বহুমুখী কৃষি প্রকল্পত শেহতীয়াকৈ অস্থায়ী শ্রমিক, বিশেষকৈ দিন হাজিৰা কৰা লােকৰ অভাৱ হৈছে। কিয়নাে স্থানীয় বাসিন্দাসকলক দিন হাজিৰা নহয়, লাগে স্থায়ী কর্মসংস্থাপন অর্থাৎ চাকৰি।

ফলত প্রকল্প কর্তৃপক্ষই শেহতীয়াকৈ পূর্বে ধলপুৰত বাস কৰা আৰু সম্প্রতি উচ্ছেদিত হৈ ভেটিৰ বজাৰত অস্থায়ী শিবিৰ পাতি বাস কৰা লােকসকলক কৃষি কর্মত নিয়ােগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ভেটিৰ বজাৰৰ অস্থায়ী শিবিৰত বাস কৰা উচ্ছেদিত আইনুল হকে ‘দৈনিক অগ্রদূত’ৰ আগত কয়,’ শ শ বিঘা মাটিত চৰকাৰে সৰিয়হ আৰু মাটি মাহৰ খেতি কৰিছে।

এতিয়া সেই শস্য চপােৱা মানুহ নাই। ছিপাঝাৰৰ স্থানীয় লােকে এইবিলাক সৰু-সুৰা কাম নকৰে। সেই কাৰণে আমাক মাতিছে। নাযাও বুলি ক’লে ভেটিৰ বজাৰৰ পৰাও খেদি পঠিয়াব বুলি ভাবুকি দিয়ে। বহুতে প্রাণৰ ভয়ত কাম কৰিবলৈ যায়। ‘৮০ৰ উধ্বৰ উচ্ছেদিত মুছাফ আলীয়ে ক্ষোভ প্রকাশ কৰি ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে পূর্বে বছৰৰ ১২ মাহে কৃষিকৰ্ম কৰি পৰিয়াল পােহপাল দিয়া, নিজৰ মাটিত উৎপাদন কৰি ঘৰ-সংসাৰ চলােৱাসকলক আজি দুশ-আঢ়ৈশ টকা হাজিৰাত শ্ৰম কৰিবলৈ বাধ্য কৰােৱাটো দুর্ভাগ্যজনক।

পূর্বে অন্ততঃ ৩০ বিঘা মাটিত খেতি কৰা লােকসকলে দিনে আঢ়ৈশ টকাত হাজিৰা কৰিব লগা হােৱাটো অসহনীয় বেদনা বুলি স্বগতােক্তি কৰি মুছাফ আলীয়ে কয়, ‘প্ৰকল্পৰ অধ্যক্ষই নির্দেশ দিছে বুলি আমাক কাম কৰিবলৈ মাতে। নগ’লে নিৰাপত্তাৰক্ষীসহ প্রতিনিধি পঠিয়াই নগ’লে আপােনালােকক ইয়াৰ পৰাও খেদি পঠিয়াম’ বুলি ভাবুকি দিয়ে। বহুতে প্ৰাণৰ ভয়ত গৈছে, আন বহুতে পেটৰ তাড়নাত গৈছে।’

ভেটিৰ বজাৰৰ আশ্রয় শিবিৰত আশ্ৰয় লৈ থকা শিক্ষিত যুৱক ছাইদুল ইছলামে কয় যে উচ্ছেদৰ বলি হােৱা লােকসকলৰ মাজত ভােকাতুৰৰ সংখ্যাই অধিক। আর্থিক, সামাজিক আৰু মানসিকভাৱেও ভাগি পৰা উচ্ছেদিতসকলক এতিয়া প্ৰকল্পত কাম দিয়াৰ অজুহাতত বিভাজন কৰাৰ ষড়যন্ত্র লিপ্ত হােৱা বুলিও তেওঁ প্রকল্প কর্তৃপক্ষৰ বিৰুদ্ধে অভিযােগ উত্থাপন কৰে। তেওঁ কয়, ‘আমাক বাংলাদেশী, অবৈধ বেদখলকাৰী বুলি উচ্ছেদ কৰিছিল; কিন্তু এতিয়া আমাৰ মাজৰ বহুজনক বিজেপিত যােগদান কৰাৰ লগতে প্ৰকল্পত কাম কৰিবলৈ প্রলােভন দিছে।

অন্যথা আমাক কয় যে সাহায্য পােৱাটো দূৰৰে কথা পুনৰ সংস্থাপনৰ তালিকাতাে আমাৰ নাম নােসােমায়। তদুপৰি বৰ্তমানৰ আশ্রয় শিবিৰ ভাঙি দিব বুলিও বিভিন্ন সময়ত ভাবুকি দিয়ে। এনে পৰিস্থিতিত উপায়ান্তৰ হৈ বহুতে কাম কৰিছে।’ প্রকল্পৰ লগত জড়িত নাম প্রকাশত অনিচ্ছুক এজন স্থানীয় যুৱকে কয় যে গৰুখুঁটি কৃষি প্ৰকল্পত সম্প্রতি কমেও পাঁচশৰ পৰা সাতশ পুৰুষ-মহিলাই কাম কৰি আছে।

স্থানীয় বিশেষকৈ ভাষিক অসমীয়া যুৱক-যুৱতীসকল প্রকল্প চাকৰি বুলি ক’লে যিমান আগ্রহী তাৰ বিপৰীতে সৰু-সুৰা কামৰ বাবে একেবাৰে আগ্রহী নহয় বুলি উল্লেখ কৰি তেওঁ কয়, ‘আমাৰ স্থানীয় মানুহক চাকৰি লাগে। হাজিৰা নালাগে। সেই কাৰণে উচ্ছেদিত লােকসকলৰ সহায় নহ’লে সৰিয়হ, মাটি মাহ আৰু মাকৈ চপােৱা মানুহ নাথাকে।’ উল্লেখ্য যে প্রকল্পত কাম কৰিবলৈ যােৱা উচ্ছেদিত লােকৰ বাবে সকলাে ফালৰ পৰাই অহা-যােৱাৰ বাবে পথ মুকলি থাকে যদিও প্রকল্পত কাম নকৰাসকলৰ বাবে যিকোনাে কাৰণত ছিপাঝাৰলৈ অহা-যােৱাৰ সকলাে পথ বন্ধ বুলিও উচ্ছেদিত লােকসকলে আজি অভিযােগ কৰে।

Exit mobile version