নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বামুনীৰ সমীপৰ মূৰ্গীলৰাইত যোৱা এটা পষেক ধৰি এটা বনৰীয়া ম’হে সন্ত্ৰস সৃষ্টি কৰি আহিছে। স্থানীয় লোকে বনৰীয়া ম’হটো আঁতৰাই নিবৰ বাবে বন বিভাগক আহ্বান জনাইছিল যদিও বন বিভাগে কোনো ধৰনৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে ।
বন বিভাগে গুৰুত্ব নিদিয়াৰ বাবে আজি পুৱা বনৰীয়া ম’হটোৰ আক্ৰমণত মূৰ্গীলৰাইত এজন লোক গুৰুত্বৰ ভাবে আহত হয় । তথ্য অনুসৰি, আজি পুৱা প্ৰায় ১০ বজাত বংশী মূড়া নামৰ লোক জনে পথাৰত গৰু চৰাবলৈ যোৱাৰ সময়ত বনৰীয়া ম’হটোৰে মুখামুখি হয়।
সেই সময়তে ম’হটোৱে লোক জনক আক্ৰমণ কৰি গুৰুত্বৰ ভাবে আহত কৰে । লগে লগে লোক জনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লয়লৈ অনা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰন কৰে ।
বন বিভাগৰ হেমাহি আৰু অকৰ্মন্যতাৰ বাবেই আজি পুৱা এই ঘটনাটো সংঘটিত হয় বুলি স্থানীয় লোকে অভিযোগ কৰিছে । একাংশ উত্তেজিত লোকে বন বিভাগৰ বিৰুদ্ধে বিভিন্ন ধ্বনি দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে । স্থানীয় লোকে নগাঁৱৰ ডি এফ অ গ’ বেক , বন বিভাগ হায় হায় , বনৰীয়া ম’হৰ সন্ত্ৰাস বন্ধ কৰক আদি ধ্বনি দিয়া পৰিলক্ষিত হয়।
স্থানীয় ৰাইজে বনৰীয়া মহটোক খেদি পঠাবলৈ বন বিভাগ আৰু জিলা প্ৰশাসনক দাবী জনাইছে । আজি প্ৰায় এপষেক ধৰি বনৰীয়া ম’হটোৱে বঢ়মপুৰ আৰু চামগুৰিৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই আহিছে ।
শেহতীয়া খবৰ অনুসৰি লোকজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে বন বিভাগে এই কথা এই সময়লৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।






























