Gold Reserve : দেশৰ সৰ্ববৃহৎ সোণৰ ভাণ্ডাৰৰ সন্ধান উলিয়ালে পৰুৱাই !

antsrid

শেহতীয়াকৈ, দেশৰ সৰ্ববৃহৎ সোণৰ ভাণ্ডাৰৰ সন্ধান পোৱা গৈছে বিহাৰৰ জামুই জিলাৰ কৰ্মতিয়া অঞ্চলত । দেশৰ ৪৪ শতাংশ সোণৰ ভাণ্ডাৰ আছে এই অঞ্চলত ।

আশ্চৰ্যজনক বিষয়টো হ’ল গছ-গছনি আৰু ৰঙা মাটিৰ তলত লুকাই থকা সোণৰ বৃহৎ ভাণ্ডাৰৰ কথা কোনেও কেতিয়াও বুজিব পৰা নাই। এই সোণৰ ভাণ্ডাৰৰ সন্ধান উলিয়াবলৈ ৪০ বছৰ লাগিল। অনুমান কৰা হৈছে যে ইয়াৰ পৰা ২২৩ টন সোণ পোৱা যাব।

কিদৰে এই সোণৰ ভাণ্ডাৰৰ সন্ধান পোৱা গ’ল তাৰ আঁৰতো আছে এটা মহান কাহিনী । জানেনে কি, ইয়াক কোনো বিজ্ঞানী বা আন কোনো যান্ত্ৰিক উপায়েৰে পোৱা নাই।

বিশাল এই সোণৰ ভাণ্ডাৰৰ সন্ধান উলিয়াইছে পৰুৱাই । অবিশ্বাস্য হ’লেও, এইয়াই দাবী কৰিছে স্থানীয় বাসিন্দাসকলে ।

তেওঁলোকে দাবী কৰে যে চাৰি দশক ধৰি অঞ্চলটোত এজোপা বিশাল বট গছ আছে। সূৰ্যৰ গৰম আৰু তাপৰ পৰা বাচিবলৈ, পৰুৱাবোৰে বট গছৰ তলত বাহ নিৰ্মাণ কৰা আৰম্ভ কৰে।

যেতিয়া পৰুৱাবোৰে তলৰ পৰা মাটি খনন কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াক ওপৰলৈ তুলিবলৈ আৰম্ভ কৰে, স্থানীয় লোকে মাটিত হালধীয়া চকচকীয়া ক্ষুদ্ৰ কণাবোৰ মিহলি হোৱা দেখিছিল। খবৰটো মুহূৰ্ততে অঞ্চলটোৰ লোকসকললৈ বিয়পি পৰে।

১৯৮২-‘৮৬ চনৰ পৰা অঞ্চলটো নিষিদ্ধ ঘোষণা কৰি ভাৰতীয় ভূতাত্ত্বিক জৰীপ (জিএছআই)য়ে খনন কাৰ্য আৰম্ভ কৰিছিল। তেতিয়া বেছি সোণ নোপোৱাৰ ইংগিত দিয়া হৈছিল ।

২০১০-১১ বৰ্ষত পুনৰ এই অঞ্চলটোৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰা হয় আৰু পৰীক্ষা কৰা হয়। সেই প্ৰতিবেদনৰ ওপৰত আধাৰিত কৰি, তেতিয়াৰ চৰকাৰে কৈছিল যে জামুইত ৪৪ শতাংশ সোণৰ ভাণ্ডাৰ আছে।

২০২০ বৰ্ষত পুনৰ জি.এছ.আই.-য়ে মাটিৰ নমুনা সংগ্ৰহ কৰে । অৱশেষত চৰকাৰে ঘোষণা কৰিলে যে জামুইত দেশৰ সৰ্ববৃহৎ সোণৰ ভাণ্ডাৰ আছে।

Exit mobile version