Kajol Devgan : কৰ’না আক্রান্ত কাজল, আছে নিভৃতবাসত

212076939 539962534011881 3570333635521043607 n

সমগ্ৰ দেশতে এতিয়া সংক্ৰমণ । ইজনৰ পাছত সিজন চেলিব্ৰেটি আক্ৰান্ত হৈছে কৰ’নাত । এইবাৰ কৰ’নাত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী কাজল দেৱগন।

দেওবাৰে ইনষ্টাগ্ৰামত কন্যা নিয়াশাৰ এখন ফটো পোষ্ট কৰি এই খবৰ জনালে অভিনেত্ৰীগৰাকীয়ে । বৰ্তমান নিভৃতবাসত আছে অভিনেত্ৰীগৰাকী ।বলিউডৰ অভিনেত্ৰীগৰাকী ব্যস্ত আছিল আহিবলৈ ছবিৰ কামত ।

কাজলৰ স্বামী অজয় দেৱগন কৰ’নাত আক্রান্ত হৈছে নে নাই সেইয়া বৰ্তমানলৈকে জানিব পৰা নাই। অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰাম পোষ্টত অনুৰাগীসকলে তেওঁৰ আৰোগ্য কামনা কৰিছে ।

Exit mobile version