ৰাজধানী মহানগৰীৰ চুবুৰীয়া কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ এখন গাঁও গীজাং। আচলতে অসম-মেঘালয় দুয়ােখন ৰাজ্যক প্রাকৃতিক আৰু ঐতিহাসিকভাৱে বিভক্ত কৰা গীজাং নদীখনক লৈয়েই গাঁওখনৰ নাম গীজাং। প্রাকৃতিক সৌন্দৰ্যৰ সকলাে সমাহাৰেৰে ভৰপূৰ এখন গাঁও। চুবুৰীয়া মেঘালয়ৰ পশ্চিম খাচি পাহাৰ জিলাৰ পৰা কুলু কুলু কৰি বৈ নামি অহা নদী গীজাং।
চিৰপ্ৰৱাহমান নদীখনৰ পাৰে পাৰে সৰু সৰু পাহাৰৰ টিলা। বিস্তীর্ণ অঞ্চলজুৰি তামােল, কল, আম, লেটেকু, জামু, আনাৰস, পাণ, কুঁহিয়াৰ বাগান। তাৰ মাজে মাজে ঠিক যেন এক বগা চৰিয়াৰ দৰে পাহাৰৰ দাঁতিত ধাননি পথাৰ। এখন গাঁৱৰ পৰা ইখন গাঁৱক সংযােগ কৰিবলৈ মাজে মাজে বাঁহৰ সাঁকো।
যেন এক নেদেখা পৃথিৱী কিন্তু এবাৰ চালেই চকু ছাট মাৰি ধৰা। ভঙা ভঙা অসমীয়া ভাষাৰে আলহীক দেখিলেই নিমিষতে আপােন কৰিব বিচৰা জনজাতীয় মানুহখিনিৰ মৰম-চেনেহে সীমান্তৰ এই গাঁওখনৰ সৌন্দর্যত সােণত সুৱগা চৰায়। গীজাং নদীৰ পাৰত এপলক ৰৈ সামগ্রিক পৰিৱেশটোলৈ লক্ষ্য কৰিলে এনে লাগে যেন সেউজীয়া পাহাৰখনৰ পৰা নামি অহা ফিৰফিৰীয়া বতাহ আৰু বােৱর্তী গীজাঙৰ কুলু কুলু মাতৰ সংগমত যেন বাজি উঠিছে—“অ’ মােৰ আপােনাৰ দেশ/অ’ মােৰ চিকুণী দেশ/এনেখন সুৱলা/এনেখন সুফলা/এনেখন মৰমৰ দেশ।
পিছে এনে অপূর্ব সুন্দৰ, নৈসর্গিক দৃশ্যৰে দৃশ্যমান গাঁওখনকেই এতিয়া অসম চৰকাৰে চুবুৰীয়া মেঘালয়ক হস্তান্তৰ কৰিবলৈ ওলাইছে। অসম চৰকাৰৰ দাবী—বৃহত্তৰ গীজাং অঞ্চলৰ স্থানীয় বাসিন্দাই স্বইচ্ছাই মেঘালয়ত অন্তর্ভুক্ত হােৱাটো বিচাৰে। আচলতে কেৱল গীজাং বুলিয়েই নহয়। বৃহত্তৰ হাঁহিম অঞ্চলৰ, গীজাঙকে ধৰি প্ৰায় ১০ খন গাঁৱে শেহতীয়াকৈ চুবুৰীয়া মেঘালয়ত অন্তর্ভুক্ত হােৱাটো বিচাৰিছে; কিন্তু কিয় জানেনে?
জানিলে প্রতিজন অসমীয়াৰে বুকু কঁপি উঠিব। অসম-মেঘালয় সীমান্তৰ হাঁহিম অঞ্চলৰ ৰাইজৰ ক্ষোভ বুজি পাবলৈ হ’লে স্বাধীনােত্তৰ ভাৰতৰ পৰৱৰ্তী সময়ৰ কিছু ঘটনা-পৰিঘটনালৈ ঘূৰি যাব লাগিব। অসম-মেঘালয়ৰ সীমান্তৰ গীজাং অঞ্চলৰ ৰংথালি নিম্ন প্রাথমিক বিদ্যালয়, মেচপাৰা নিম্ন প্রাথমিক বিদ্যালয়, মালাপাৰা নিম্ন প্রাথমিক বিদ্যালয় আৰু মাথাপােতা নিম্ন প্রাথমিক বিদ্যালয় আদি চাৰিখনকৈ চৰকাৰী প্রাথমিক বিদ্যালয় ১৯৫৪তে অসম চৰকাৰে স্থাপন কৰে।
স্থানীয় গাঁওবাসীয়ে জনালে যে অসম চৰকাৰে প্রতিষ্ঠা কৰা প্রাথমিক বিদ্যালয়সমূহ আজিও অক্ষত অৱস্থাতে আছে। প্রতি বছৰৰ অন্তৰে অন্তৰে ‘বিল্ডিং গ্রান্ট’ লৈ পুনৰ নির্মাণ কৰে; কিন্তু কি ১৯৫৪, কি ২০২২ বৰ্ষ, স্থানীয় গাঁওবাসীয়ে কোনাে দিনেই শিক্ষক-শিক্ষয়িত্ৰীৰ আগমন নেদেখিলে। হাঁহিম তিনি নম্বৰ লাটৰ গাঁওবুঢ়া মিচন জয় মাকে ‘দৈনিক অগ্রদূত’ক কয়, ‘গীজাং নদীখনেই দুয়ােখন ৰাজ্যৰ সীমা হিচাপে ঐতিহাসিকভাৱে মান্যতা পাই আহিছে যদিও নদীখনৰ পৰা সিপাৰলৈ এক কিলােমিটাৰ পর্যন্ত পাহাৰৰ দাঁতিলৈ অসমৰ মাটি, অসমীয়া গাঁও আৰু খেতি-বাতি, বাগান সকলাে আছে।
সেই এক কিলােমিটাৰ ব্যাসার্ধৰ ভিতৰত অসম চৰকাৰে পথ নির্মাণ কৰাৰ লগতে বিদ্যালয় স্থাপন কৰিছে। গতিকে অসম-মেঘালয় সীমান্তৰ হাঁহিম অঞ্চলত সীমাক লৈ কোনােদিন সংঘাত হােৱা নাই, ভুল বুজাবুজিও হােৱা নাই আৰু বিভ্রান্তিও নাই। মাথোঁ দশক দশক ধৰি অসম চৰকাৰে কৰা বঞ্চনা আৰু অসমীয়া জাতিৰ পৰা নিলগত ৰখাৰ যন্ত্রণাই মানুহখিনিক মেঘালয়ত চামিল হ’বলৈ বাধ্য কৰিছে।’
মাথাপােতা গাঁৱৰ গাঁওবুঢ়া পিটাৰ মাওখিলঙে ‘দৈনিক অগ্রদূত’ক কয় যে ভাৰতৰ প্ৰাক্-স্বাধীনতাৰ কালৰ পৰাই বৃহত্তম হাঁহিম অঞ্চলৰ স্থানীয় বাসিন্দাই অসমীয়া হৈ আৰু অসমীয়াৰ পৰিচয়পত্র লৈ জীয়াই আছিল যদিও প্রতিদান হিচাপে কেৱল বঞ্চনা আৰু প্ৰতাৰণাৰ বলি হৈ আহিছে। গাঁওবুঢ়া পিটাৰ মাওখিলঙে কয়, “আমাৰ ইয়াত ১৯৫৪তে চাৰিখনকৈ অসম চৰকাৰে প্ৰাথমিক বিদ্যালয় স্থাপন কৰিলে।
পিছে প্রতিষ্ঠা কালৰ পৰা আজি পর্যন্ত কোনােদিন শিক্ষক নাহিল। আজিও প্রতি বিদ্যালয়ত দুইৰ পৰা তিনিগৰাকী শিক্ষক-শিক্ষয়িত্রী কৰ্মৰত হৈ আছে আৰু চৰকাৰী বেতন লাভ কৰি আছে; কিন্তু কোনাে দিন পাঠদান নকৰাৰ ফলত আমাৰ ল’ৰা-ছােৱালীক মেঘালয়ৰ মলাং, নষ্টইন আদি চহৰলৈ পঠিয়াবলগীয়া হ’ল। ফলত নৱ প্ৰজন্মই নিজকে মেঘালয়ৰ বুলি চিনাকি দিবলৈ ভাল পাবলৈ ধৰিলে।’
গাঁওবুঢ়া মাওখিলঙে ক্ষোভ প্রকাশ কৰি কয় যে অসম চৰকাৰৰ শিক্ষকে অসম-মেঘালয় সীমান্তৰ হাঁহিম অঞ্চলৰ স্থানীয় বাসিন্দাৰ ল’ৰা-ছােৱালীক কোনােদিন অসমীয়া হিচাপে গঢ়ি তুলিব নােৱাৰিলে। পৰিতাপৰ বিষয় যে অসম-মেঘালয় সীমান্তৰ পাহাৰৰ দাঁতিয়ে দাঁতিয়ে বৈ থকা নদীখনক হাঁহিম বজাৰৰ পৰা আগলৈ অসমীয়া মানুহে শিঙৰা নদী বুলি নামকৰণ কৰি আহিছে যদিও শেহতীয়াকৈ সীমান্তৰ মাথাপােতা অঞ্চলৰ পৰা আগলৈ অর্থাৎ পশ্চিমলৈ স্থানীয় মানুহে ‘ওমচেকপানী’ বুলি নামকৰণ কৰিছে।
তদুপৰি দুয়ােখন ৰাজ্যৰ মাজত সীমা বুজাবুজিৰ সন্দৰ্ভত আলাপ-আলােচনা চলি থাকোতেই ইতিমধ্যে অসমীয়া গাঁও মাথাপােতা’ক ওমচেক গাঁও হিচাপে খাচি ভাষাত পুনৰ নামকৰণ কৰিছে। বর্তমান ওমচেক গাঁও অর্থাৎ পূর্বৰ অসমীয়া গাঁও মাথাপােতাৰ চৰকাৰী গাঁওবুঢ়া ক্ষমতাহীন আৰু মেঘালয় চৰকাৰে নিযুক্তি দিয়া গাঁওবুঢ়া পিটাৰ মাওখিলঙে আঠখন অসমীয়া গাঁৱৰ দায়িত্ব মেঘালয় চৰকাৰৰ প্রতিনিধি হৈ চম্ভালি আছে।
মেঘালয় চৰকাৰৰ হৈ গাঁওবুঢ়াৰ দায়িত্বত থাকি পিটাৰ মাওখিলঙে নিয়ন্ত্রণ কৰি থকা অসমীয়া গাঁওকেইখন হ’ল— ৰংথালি, ধূনাগুৰি, ওমচেক (পূর্বৰ মাথাপােতা) মেচপাৰা, মইপাৰা, মালাপাৰা ইত্যাদি। উক্ত গাঁওসমূহৰ বাসিন্দা ৭০ শতাংশ গাৰাে জনজাতি আৰু ৩০ শতাংশ খাচি জনজাতিৰ লােক। মাথাপােতা গাঁৱৰ (বর্তমানৰ ওমচেক) বয়ােজ্যেষ্ঠ প্রায় ৯০ বছৰীয়া গেৰিচন মাকে ‘দৈনিক অগ্রদূত’ক কয়, সৰুতে দেখিছিলাে, ককা-দেউতাহঁতে বগা ধুতি পিন্ধি নাম-কীর্তন গাইছিল। গাঁওখনত নামঘৰ প্রতিষ্ঠা কৰিবলৈ ভকতাে মাতিবলৈ গৈছিল।
পিছে ভিতৰুৱা, পাহাৰীয়া, জনজাতীয় অঞ্চল, স্থানীয় পাহাৰীয়া মানুহবােৰ বিশ্বাসযােগ্য নহয় বুলি কোনােৱে ভয়তে নাহিল। লাহে লাহে মানুহবােৰে নাম গাবলৈ এৰি গির্জাত গৈ ভগৱান যীশুক উপাসনা কৰিবলৈ ধৰিলে। ভকতৰ দৰে অসম চৰকাৰৰ বিষয়ায়ে আমাক অৱহেলা কৰিলে। নির্বাচনত ভােট ল’বলৈ অহাৰ বাহিৰে আমাৰ ওচৰলৈ কোনাে নহা হ’ল। অসমীয়া হ’বলৈ আমি বহু দশক চেষ্টা কৰিলাে; কিন্তু আমাক কোনােৱে আদৰি নল’লে।
শেষ দিন পর্যন্ত আমাক অসমীয়া জাতি আৰু চৰকাৰে অসমীয়া হিচাপে গ্ৰহণ নকৰিলে। প্ৰতাৰিত হৈয়েই আমি বুকুৰ মাজত অসমীয়া হােৱাৰ সপােন লৈ চুবুৰীয়া মেঘালয়ত নতুন পৰিচয় বিচাৰি যাবলগীয়া হ’ল। অসম আৰু মেঘালয় চৰকাৰে আন্তঃৰাজ্যিক সীমা পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত চলাই থকা আলাপ-আলােচনাৰ সন্দৰ্ভত স্থানীয় মানুহৰ মনত কি চলি আছে বুলি ‘দৈনিক অগ্রদূত’ৰ প্ৰশ্নৰ উত্তৰত ৯০ বছৰীয়া গেৰিচন মাকে সেমেকা চকুযুৰিৰে বৈ অহা চকুলাে লুকুৱাবলৈ চেষ্টা কৰি থােকাথুকি মাতেৰে কয়, এই মুহূর্তত সকলােৱে অসমক বিদায় দিবলৈ সাজু হৈছে।
কিছুদিনৰ পাছত নিজৰ চোতালতে অতীতৰ অসমী আইক বিচাৰিবগৈ লাগিব। সীমান্তত বাস কৰাটো একপ্রকাৰ অপৰাধ বুলি এটা ধাৰণাই সদায় আমাক খেদি ফুৰিব। উল্লেখ্য, বৃহত্তৰ হাঁহিম অঞ্চলৰ অসমীয়া গাঁও শালবাৰী, এক নম্বৰ হামােকা, দুই নম্বৰ হামােকা, মেলচাপাৰা, মালাং, জয়পুৰ, গামৰিমাৰা আদি গাঁৱৰাে গৰিষ্ঠসংখ্যক বাসিন্দা গাৰাে আৰু ৰাভা জনজাতিৰ লােক।
উক্ত গাঁওসমূহৰ গাৰাে বাসিন্দাও চুবুৰীয়া মেঘালয় চৰকাৰৰ সম্প্ৰসাৰিত উন্নয়নৰ ছবি দেখি অন্তর্ভুক্ত হ’বলৈ মন মেলিছে। আৰু এয়াই যদি হয় বৃহত্তৰ হাঁহিম অঞ্চলৰ কমেও ২০ খন অসমীয়া গাঁও চুবুৰীয়া ৰাজ্যখনত অন্তর্ভুক্ত হ’ব আৰু সেই সমগ্ৰ অঞ্চলৰ বাসিন্দাসকল ৰাজহুৱা শুনানিৰ বাবেও প্রস্তুত। হাঁহিম তিনি নম্বৰ লাটৰ জ্যেষ্ঠ নাগৰিক মনেশ্বৰ ৰাভাই এই সন্দৰ্ভত “দৈনিক অগ্রদূত’ক কয়, ‘অসম-মেঘালয় সীমান্তৰ হাঁহিম অঞ্চলত বিশেষকৈ অসমৰ পিনে উন্নয়ন বুলিবলৈ শূন্য।
স্বাধীনতাৰ পিছ মুহূর্ততে, অর্থাৎ ৫০ দশকতে বনােৱা কেঁচা লুংলুঙীয়া ৰাস্তা আৰু চাৰিখন প্রাথমিক বিদ্যালয়ৰ বাহিৰে যােৱা ৭০ বছৰে একো নাপালে অঞ্চলবাসীয়ে। মেঘালয় চৰকাৰে নিজৰ সীমা অতিক্রম কৰি পকা ঘৰ, নলা-নর্দমা নির্মাণ, পানী সংযােগ, পকী পথ নির্মাণ, চৰকাৰী বিদ্যালয়, স্বাস্থ্য কেন্দ্র নির্মাণকে ধৰি শিক্ষিত যুৱক-যুৱতীক চৰকাৰী চাকৰিত মকৰল কৰিছে। জীৱন-জীৱিকাৰ বাবে ঘৰে ঘৰে বিভিন্ন আঁচনিৰ অধীনত আর্থিক সাহায্য দিয়াৰ উপৰি ধর্মীয়, সাংস্কৃতিক, সামাজিকভাৱে মানুহখিনিক আপােন কৰি পেলালে।
এতিয়া অসম বুলি ক’লেই মানুহখিনিয়ে উচপ খাই উঠা যেন হয়। তাতােকৈ পৰিতাপৰ কথা, সমগ্ৰ হাঁহিম অঞ্চলৰ উঠি অহা যুৱক-যুৱতীসকলে সম্প্রতি বকো, মির্জা, গুৱাহাটী চহৰতকৈ চুবুৰীয়া মেঘালয়ৰ পশ্চিম খাচি পাহাৰ জিলাৰ নষ্টইন আৰু মালাম চহৰ বুলি কলেহে বেছি আপােন আপােন বুলি ভাবিবলৈ লৈছে।
শিক্ষা, ব্যৱসায়, ক্রীড়া, উৎসৱ, নিযুক্তি সকলােতে তেওঁলােকে চুবুৰীয়া ৰাজ্যত অংশগ্ৰহণ কৰিলে বেছি সুৰক্ষিত আৰু নিশ্চিত অনুভৱ কৰে। ‘ধূনাগুৰি গাঁৱৰ (অসমীয়া গাঁও কিন্তু বর্তমান মেঘালয়ৰ বুলি পৰিচয় দিয়ে) বাসিন্দা তথা ২৮ বছৰীয়া যুৱক ক্লেমেন মাকে ‘দৈনিক অগ্রদূত’ক কয়, “ মির্জা কলেজত নামভৰ্তি কৰিছিলাে; কিন্তু অসমীয়া মানুহৰ ব্যৱহাৰত সহজ হ’ব নােৱাৰিলাে। প্রথম বছৰতে গুচি আহিলাে।
নষ্টইনৰ পৰা স্নাতক ডিগ্রী সাং কৰি নেহু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ কৰি বর্তমান মেঘালয় চৰকাৰৰ কৰ্মচাৰী। মেঘালয়ত ঘােচ নিদিয়াকৈয়ে চাকৰি পায়। এয়া আমাৰ কাৰণে ডাঙৰ সুবিধা। আমাৰ চামৰ সকলাে ল’ৰা-ছােৱালী এতিয়াও আমি অসমীয়া যদিও ড্রাইভিং লাইচেঞ্চ, ভােটাৰ পৰিচয়পত্র, পেন কার্ড, আধাৰ কার্ড, বেংক একাউন্ট, জাতিৰ পৰিচয়পত্র আদি সকলাে মেঘালয় চৰকাৰৰ পৰাই উলিয়াই লৈছে।
অসমত যিকোনাে নথিপত্র উলিয়াবলৈ হ’লে খােজে খােজে টকা লাগে। মেঘালয়তে সকলাে নিয়মত হয়। গতিকে আমি ইতিমধ্যে মনে-প্রাণ মেঘালয়ৰ নাগৰিক। ‘মেলচাপাৰা গাঁৱৰ বাসিন্দাৰাে একেই ক্ষোভ। ৫০ বছৰীয়া এস্কপ্লৰ চাংমাই নিজৰ ক্ষোভ উজাৰি দৈনিক অগ্রদূত’ৰ আগত কয়, “মােৰ ল’ৰাই বকোৰ পৰা অসমীয়া ছােৱালী ভাল পাই বিয়া কৰােৱা কাৰণে পুলিচে ধৰিছিল; কিন্তু শ্বিলঙত কাম কৰি তাতে চিনাকি হৈ জয়ন্তীয়া ছােৱালী বিয়া কৰালে। এতিয়া ল’ৰা-বােৱাৰীয়ে শান্তিত সংসাৰ কৰি আছে। অসমীয়া হৈ থাকিলে আমাৰ বহু দুখ আছে।
এই কাৰণে মেঘালয়ত যােৱাটোৱে ঠিক আছে।’ আচলতে বৃহত্তৰ হাঁহিম আৰু গীজাং অঞ্চলৰ ঘৰে ঘৰে লুকাই আছে ক্ষোভ, অভিমান আৰু প্ৰতাৰিত হােৱাৰ খং। এই ক্ষোভ আৰু অভিমান আজিৰ নহয়। মানুহখিনিয়ে ব্রিটিছৰ আমােলৰ পৰাই স্বনির্বাসিত হৈ অন্য এখন পৃথিৱীত নিজকে প্রতিষ্ঠা কৰি আহিছে। এতিয়া সেইসমূহ অসমীয়া গাঁৱক অসম চৰকাৰে চুবুৰীয়া মেঘালয়ত অন্তর্ভুক্ত কৰাৰ অৰ্থ হ’ল—‘আগতেও উন্নয়ন কৰা নাই আৰু এতিয়াও নকৰাে।
গতিকে উন্নয়ন বিনে যদি জীয়াই থাকিব নােৱাৰা তেন্তে চুবুৰীয়া ৰাজ্যলৈ যােৱা। স্বভাৱে-চৰিত্ৰই, চিন্তা-ধাৰণা সকলাে পিনৰ পৰাই স্বাভিমানী অসমীয়া হৈ যুগ যুগ ধৰি গৌৰৱ কৰি থকা কিন্তু শেষত অসমী আইক অশ্রুসিক্ত নয়নেৰে বিদায় জনাবলৈ প্রস্তুত হােৱা অসম-মেঘালয় সীমান্তৰ সেইসমূহ গাঁৱৰ বাসিন্দাৰ ক্ষোভ ভৰা প্রতিক্রিয়া শুনি সকলােৰে মনত এটা প্রশ্ন স্বাভাৱিকতে আহিব।
অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা মাত্র ৯৬ কিলােমিটাৰ দূৰত্বৰ গীজাং গাঁওখন ইমানেই দুর্গম আছিল নে যাক অসম চৰকাৰৰ উন্নয়নে ঢুকি নাপালে কিন্তু মেঘালয় চৰকাৰে ঢুকি পালে? মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা দিনজোৰা বাটৰ দূৰত্বত অৱস্থিত গীজাঙক মেঘালয় চৰকাৰৰ উন্নয়নে ঢুকি পালে কিন্তু দিছপুৰৰ পৰা মাত্র দুঘণ্টাৰ দূৰত্বৰ গীজাঙত অসম চৰকাৰৰ উন্নয়নে ঢুকি নাপালে কিয়? এই সকলােবােৰ প্ৰশ্নৰ উত্তৰ বিচাৰি মনৰ মাজতে কিবা ভাবি গীজাং এৰি অহা বাটত গাঁওবাসীয়ে পিছপিনৰ পৰা ৰিঙিয়াই থকা যেন অনুভৱ হ’ল—“অ’ বন্ধু, সময় পালে, আমাৰ ফালে/এবাৰ আহি যাবা/সহজ সৰল গাঁৱৰ জীৱন/খন্তেক ৰৈ চাবা/এবাৰ আহি যাব