ৰাষ্ট্রপতি নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দিতা কৰিব ট্ৰাম্পে

skynews donald trump 5656663

আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে ঘােষণা কৰি কয় যে যদি তেওঁ ২০২৪ৰ ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰে আৰু জয়ী হয় তেন্তে তেওঁ কেপিটল হিলত সংঘটিত হােৱা হিংসাত্মক ঘটনাত জড়িত অভিযুক্তক ক্ষমা কৰি দিব।

টেক্সাছত এক ৰেলীত অংশ লােৱাৰ সময়ত প্রাক্তন ৰাষ্ট্রপতিজনে স্পষ্টভাৱে কয় যে যদিহে তেওঁ ৰাষ্ট্ৰপতিৰ পৰৱর্তী নির্বাচনত প্রার্থী হিচাপে থিয় দিয়ে আৰু তেওঁ জয়লাভ কৰে তেন্তে কেপিটল হিলত হিংসাত্মক ঘটনা সংঘটিত কৰা সকলােকে প্রয়ােজন হ’লে ক্ষমা কৰি দিব।

এই মন্তব্যৰে ট্রাম্পে ২০২৪ৰ ৰাষ্ট্রপতি নির্বাচনত পুনৰ প্রতিদ্বন্দ্বিতাৰ ইংগিত দিলে। উল্লেখ্য যে ৰাষ্ট্রপতি নির্বাচনত জ’ বাইডেনৰ জয়ৰ পাছত ২০২১ৰ ছয় জানুৱাৰীত ট্রাম্প সমর্থকে কেপিটল হিলত হিংসাত্মক ঘটনা সংঘটিত কৰিছিল।

এই ঘটনাৰ পাছত সংঘৰ্ষৰ সৃষ্টিৰ অভিযােগত আমেৰিকাৰ ৫০ খন ৰাজ্যৰ পৰা কমেও ৭২৫ জন ব্যক্তিক গ্রেপ্তাৰ কৰা হৈছিল।

Exit mobile version