চিৰাঙৰ বাসুগাঁও মহাবিদ্যালয়ত ছাত্ৰ ইউনিয়নৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ছাত্ৰ ইউনিয়ন নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদক লৈ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু নিৰ্বাচন আয়ুক্তই একপক্ষীয় ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

কাইলৈ বাসুগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ইউনিয়নৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ।মহাবিদ্যালয়ৰ ছাত্ৰ ইউনিয়ন নিৰ্বাচনৰ এটা দিন আগতে আছু, আক্ৰাছু, এবিএমছু, নেমছু আৰু সদৌ বিটিএডি বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচনৰ সমৰ্থিত সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী জনক ইউ জি চি নিয়ম অনুসাৰে অযোগ্য বুলি মহাবিদ্যালয়ৰ নিৰ্বাচনী আয়ুক্তই বাতিল কৰি দিয়াৰ ঘোষনা কৰাৰ পাছতেই ছাত্ৰ ছাত্ৰী সকল জাঙুৰ খাই উঠে ।

উক্ত ঘটনাৰ বাবে ক্ষুদ্ধ ছাত্ৰ ছাত্ৰী সকলে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰণেন্দ্ৰ মুছাহাৰীক প্ৰৱেশদ্বাৰৰ সন্মুখত ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় এঘন্টা সময় ধৰি অধ্যক্ষ ডঃ ৰণেন্দ্ৰ মুছাহাৰীক ছাত্ৰ ছাত্ৰী সকলে আবদ্ধ কৰি ৰাখিছে । পৰিস্থিতি অধিক অৱনমিত হোৱাৰ আশংকা কৰি মহাবিদ্যালয় চৌহদত আৰক্ষীৰ লোক মোতায়েন কৰা হৈছে ।

Exit mobile version