বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী পূজা সমাগত। মাজত মাত্ৰ আৰু চাৰিটা দিন। পাঁচ ফেব্ৰুৱাৰীত ৰাজ্যবাসীয়ে পালন কৰিব সৰস্বতী পূজা। ইতিমধ্যে পূজা উদ্যাপনৰ বাবে কোনাে পৃথক এছঅপি নাথাকে বুলি ঘােষণা কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই। যেনেদৰে ক’ভিড বিধি পালনেৰে অন্য অনুষ্ঠানসমূহ আয়ােজন কৰি অহা হৈছে, তেনেদৰেই ৰাজ্যবাসীয়ে সৰস্বতী পূজা অনুষ্ঠিত কৰিব পাৰিব বুলি মন্ত্রীজনে ঘােষণা কৰিছে।
এই ঘােষণাৰ পাছতেই কিছু সকাহ লাভ কৰিছে প্রতিমা নির্মাণ কৰা ৰাজ্যৰ মৃন্ময় শিল্পীসকলে। কিয়নাে ক’ভিডৰ বাবে দোষােৰ-মােধােৰ অৱস্থাত আছিল তেওঁলােক। তৎসত্ত্বেও কিন্তু পূর্বৰ দৰে ব্যস্ততা নাই মৃন্ময় শিল্পীসকলৰ। ৰাজ্যৰ বিভিন্ন জিলাত সম্প্রতি মৃন্ময় শিল্পীসকল প্রতিমা গঢ়াত ব্যস্ত যদিও সেই ব্যস্ততা পূর্বৰ দৰে সীমাহীন নহয়। পূর্বৰ দৰে দিন-ৰাতি একাকাৰ কৰি তেওঁলােক ব্যস্ত হ’বলগীয়া হােৱা নাই।
কিয়নাে পূর্বৰ দৰে প্রতিমাৰ ফৰমাইছ লাভ কৰা নাই শিল্পালয়সমূহে। সেয়ে নিজাকৈ প্রস্তুত কৰিছে একেবাৰে কমসংখ্যক প্রতিমা। গুৱাহাটীৰ শতবর্ষ গৰকা পাণবজাৰৰ লক্ষ্মী শিল্পালয়ৰ মৃৎশিল্পীয়ে শুই বহিয়ে কটাইছে সৰস্বতী পূজাৰ প্ৰাক্ষণত। যি সময়ত তেওঁলােকে খােৱা-শােৱা পাহৰি কেৱল প্রতিমা গঢ়াত ব্যস্ত থাকিব লগা হয়, তেনে ভৰপূৰ সময়তে পুৱাই মূর্তি নির্মাণৰ কাম কৰি দুপৰীয়াৰ ভাত সাঁজ খাইৰ’দ পােৱাই সময় কটাইছে তেওঁলােকে।
কোনােবাই ম’বাইলত গান শুনি, কোনােবাই লগৰীয়াৰ স’তে আড্ডা দি, কোনােৱে পাইচাৰী কৰি সময় পাৰ কৰিছে। কাৰণ পূর্বৰ দৰে কাম নাই তেওঁলােকৰ। লক্ষ্মী শিল্পালয়ৰ স্বত্বাধিকাৰী ঝুনু পালে এই সন্দৰ্ভত কয়, ‘১৩৫ বছৰ ধৰি আমাৰ পৰিয়ালটো মূর্তি নির্মাণৰ লগত জড়িত হৈ আহিছে। পূর্বপুৰুষৰ এই পৰম্পৰা তথা বৃত্তিটো আমিও যিমান পাৰাে খামুচি ধৰি ৰখাৰ চেষ্টা চলাই আহিছাে।
ককাক দেখিছিলাে মূর্তি বনােৱা। তাৰ পাছত দেউতাক। এতিয়া ময়াে এই কামটোকেই জীৱিকাৰূপে লৈছে। আমাৰ শিল্পালয়খন সকলােতকৈ পুৰণি। আমাৰ পৰা গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইলৈ প্রতিমা যায়। গুৱাহাটীৰ প্রতিষ্ঠিত দুর্গা পূজা কমিটীৰ লগতে বিভিন্ন পূজাৰ উদ্যোক্তাৰ পৰা আমি প্রতিমাৰ অৰ্ডাৰ পাওঁ। ‘
দুর্গা পূজা, বিশ্বকর্মা পূজা, কালী পূজা, সৰস্বতী পূজাৰ প্ৰায় ডেৰ মাহমান আগৰ পৰাই প্রতিমা গঢ়াৰ বাবে প্রস্তুতি আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে তেওঁ পুনৰ কয়, ‘আমি সেই ব্যস্ততাত অভ্যস্ত হৈ পৰিছে যদিও এইবেলি সেই ব্যস্ততা নাই। ক’ভিড পৰিস্থিতিৰ বাবে আমি পূজা অনুষ্ঠিত হ’ব নে নহ’ব তাকে লৈ দোৰে-মােধােৰ অৱস্থাত আছিলাে। হয়তাে সকলােৱেই আছিল। যাৰ বাবে আমি এইবাৰ প্রতিমাৰ অর্ডাৰাে নাপালাে।
মাত্র দুটা অর্ডাৰ লাভ কৰিছাে। কটন আৰু সন্দিকৈ মহাবিদ্যালয়ৰ। কেৱল ব্যৱসায়টো চলাই যােৱাৰ স্বাৰ্থতেই প্রতিমা গঢ়িছে বুলি সদৰী কৰি পালে কয়, যাতে দোকানখন চলি থাকে। যােৱা বছৰৰ বিশ্বকর্মা, দুর্গা পূজাকে ধৰি অন্যান্য পূজাৰ লােকচানৰ পাছত এইবাৰ আৰু বেছি সাহস কৰিব নােৱাৰিলাে।
৫০টা মূর্তি সম্পূর্ণ কৰালৈ প্রায় ২.২৫ লাখ টকা ব্যয় হয়। তাৰ মাজত কৰ্মচাৰীৰ বেতনাে আছে। এইবাৰ ন্যূনতম ১৫শ টকাৰ পৰা সর্বাধিক ১০ হেজাৰ টকাৰ মূর্তি নির্মাণ কৰা হৈছে, কিন্তু গ্রাহকে উচিত মূল্য নিদিয়ে। আমি লােকচান ভৰিয়ে ব্যৱসায় চলাই আছাে।
সেয়ে এইবাৰ মাত্র ৫০টাহে মূর্তি সাজিছাে। লাহে ধীৰে কৰি আছাে কাম। কাইলৈৰ পৰা ৰং বুলােৱা কাম আৰম্ভ কৰিম। তিনি ফেব্ৰুৱাৰীত সকলাে কাম শেষ কৰা হ’ব। ‘ইপিনে, গুৱাহাটীৰ পাণ্ডুস্থিত নিউ শিৱশংকৰ শিল্পালয়ৰ স্বত্বাধিকাৰী দীপিকা পালে কয়,’ এইবাৰ অৰ্ডাৰ তেনে বিশেষ নাই। আগতে ৪০-৪৫টা প্রতিমালৈকে অর্ডাৰ পাওঁ, কিন্তু এইবাৰ মাত্র ১০টা অর্ডাৰ লাভ কৰিছাে।
নিজাকৈ প্ৰস্তুত কৰিছাে ৫০টা মূর্তি। ক’ভিডৰ কাৰণে পূজা হ’ব নে নহয় কোনােধৰণৰ নিশ্চয়তা নাছিল। সেয়ে ৰিস্ক ল’ব নিবিচাৰিলাে। চাওঁ, পূজাৰ দিনটোলৈ কি হয়। আশা কৰাে মূৰ্তিবােৰ বিক্ৰী যাব। ‘উল্লেখ্য যে ইয়াৰ মাজতে ৰাজ্যৰ কিছু কিছু স্থানত ব্যাপক হাৰত মূর্তি নিৰ্মাণৰ কাম হৈ থকাও পৰিলক্ষিত হৈছে।