এই প্ৰধানমন্ত্ৰীৰ গেৰেজত আছে দুহেজাৰ গাড়ী, বিশ্বৰে সবাতোকৈ ধনী ৰাষ্ট্ৰনেতা

3786264583 95e50f02da z

বিশ্বত ধনাঢ্য লােকৰ অভাৱ নাই। ধনাঢ্য ব্যক্তিৰ নানা ধৰণৰ চখ থাকে। কোনােবাই যদি দামী গাড়ী সংগ্রহ কৰি ভাল পায়, আন কাৰােবাৰ চখ সা-সম্পত্তি ক্রয় কৰা।

এই বিশ্বতে এনে এজন প্রধানমন্ত্রী আছে। যি ব্যক্তিয়ে তেওঁৰ সম্পত্তিৰে অনায়াসে কেবাখনাে ক্ষুদ্র দেশ ক্ৰয় কৰিব পাৰিব। এইজন প্রধানমন্ত্রীৰ চখ হৈছে বিশ্বৰ সবাতােকৈ দামী গাড়ী সংগ্রহ কৰা৷

এইজন প্রধানমন্ত্রীৰ সংগ্ৰহত কিমানখন গাড়ী আছে। জানিলে আচৰিত হ’ব। এখন-দুখন নহয়, প্রধানমন্ত্রীৰ সংগ্ৰহত আছে দুহেজাৰখন গাড়ী। ব্রুনেইৰ বৰ্তমানৰ প্ৰধানমন্ত্রী চুলতান হছল ব’ল্কি-অহৰ আছে অগাধ সম্পত্তিৰ লগতে বিশ্বৰ ভিতৰতে অতি বিলাসী ব্ৰেণ্ডৰ গাড়ী।

বিশ্বৰ সকলাে সর্বাধিক মূল্যৰ গাড়ী চুলতানৰ গেৰেজত আছে। এইসমূহ গাড়ীৰ মূল্য ইমান অধিক যে কেৱল গেৰেজত থকা গাড়ী বিক্ৰী কৰিয়ে ব্ৰুনেইৰ প্ৰধানমন্ত্রীয়ে কেবাখনাে দৰিদ্ৰ ৰাষ্ট্র ক্ৰয় কৰিব পাৰিব।

গেৰেজত থকা এইসমূহ গাড়ীৰ মূল্য কমেও চাৰি ট্রিলিয়ন টকা হ’ব। চুলতানৰ গেৰেজত থকা প্ৰতিখন গাড়ীয়ে বিশ্বৰ বিখ্যাত ব্ৰেণ্ডৰ। তেওঁৰ সংগ্ৰহত আছে। ৬৩০ খন ৰ’লছ ৰয়েছ, ৫৭০খন মাৰ্টিডিজ বেঞ্জ, ৪৫০খন ফেৰাৰী আৰু ৩৮০খন বেন্টলেছ গাড়ী।

ইয়াৰ বাদেও আন কেবাখনাে বিশেষ ব্ৰেণ্ডৰ গাড়ী চুলতানৰ গেৰেজত আছে। ব্রুনেইৰ এইজন প্রধানমন্ত্রীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৩বিলিয়ন ইউৰাে অর্থাৎ ১৩ ট্রিলিয়ন ১২ বিলিয়ন ১৩ কোটি ৯৭ লাখ পাঁচ হেজাৰ পাঁচশ টকা।

কেৱল গাড়ী ক্রয়তে চুলতানে এতিয়ালৈকে চাৰি ট্রিলিয়ন টকা ব্যয় কৰিলে। এইসমূহ গাড়ী চলাবলৈ চুলতানে ৰাখিছে প্রায় দুহেজাৰ গাড়ীচালক।

Exit mobile version