আইৰন ড’মৰ পাছত ইজৰাইলে তৈয়াৰ কৰিব লেজাৰ দেৱাল

Iron Dome 1643787274661 1643787274862

আইৰন ড’ম আকাশী নিৰাপত্তা ব্যৱস্থাৰ পাছত এইবাৰ ইজৰাইলে শত্ৰুৰ ক্ষেপণাস্ত্র আকাশতে ধ্বংস কৰিবলৈ প্ৰস্তুত কৰিছে লেজাৰ অর্থাৎ ৰশ্মিৰ বিশেষ দেৱাল।

ইজৰাইলৰ প্ৰধানমন্ত্রী নেফটালি বেনেটে এই কথা প্রকাশ কৰি জনােৱা অনুসৰি, অচিৰে অত্যাধুনিক প্রযুক্তিৰে ইজৰাইলে দেশৰ চাৰিওদিশে লেজাৰৰ দেৱাল তৈয়াৰ কৰিব।

শত্রুপক্ষই নিক্ষেপ কৰা যিকোনাে ক্ষেপণাস্ত্র লেজাৰৰ এইদেৱালে নিমিষতে আকাশতে ধ্বংস কৰিবলৈ সক্ষম হ’ব।

সীমান্তত আকাশী নিৰাপত্তাত ইজৰাইলে এইদৰে লেজাৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব বুলি প্রধানমন্ত্রীজনে জানিবলৈ দিয়ে।

আগন্তুক এবছৰৰ ভিতৰত দেশখনৰ দক্ষিণ অঞ্চলত প্রথমে এই ধৰণৰ লেজাৰ দেৱাল তৈয়াৰ কৰা হ’ব। উল্লেখ্য যে লেজাৰ দেৱালৰ পূর্বে ইজৰাইলে আইন ডম নিৰাপত্তা ব্যৱস্থা উদ্ভাৱনৰে প্ৰতিৰক্ষাৰ জগতত চমক দিছিল৷

ইজৰাইলে লেজাৰ দেৱাল তৈয়াৰ কৰি প্রথমে দেশখনৰ মূল শত্রু ইন আৰু হামাছক সকীয়নি দিব বিচাৰিছে।

Exit mobile version