‘বদলি বা ঘূৰাই লোৱা নহ’ব’ স্বামীক নিলাম কৰি বিজ্ঞাপন দিলে মহিলাই !

1643879152 bid2

স্বামীৰ প্ৰয়োজন হৈছে নেকি? যদি হৈছে ল’ব পাৰে । অৱশ্যে, ইয়াক বদলি বা ঘূৰাই লোৱা নহ’ব । এগৰাকী মহিলাই ফেৰিৱালাৰ দৰে নিজৰ স্বামীক নিলাম কৰিবলৈ এটা নিলামৰ ৱেবছাইটত বিজ্ঞাপন দিছিল। যাক লৈ এতিয়া সামাজিক মাধ্যমত হুলস্থুলীয়া পৰিৱেশৰে সৃষ্টি হৈছে।

মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ উচ্চতা, ছালৰ ৰং, তেওঁ কি কাম কৰে, ৱেবছাইটত তেওঁৰ বয়স কিমান সেই বিষয়ে সকলো তথ্য প্ৰদান কৰিছে। তেওঁ লিখিছিল, “বিক্ৰী চূড়ান্ত। অৱশ্যে, ইয়াক কোনো ধৰণে সলনি বা ঘূৰাই লোৱা নহ’ব। ‘

এনেধৰণৰ বিজ্ঞাপন দিয়াৰ কাৰণ কি? গ্ৰীষ্মৰ বন্ধৰ সময়ত পত্নীক ঘূৰাবলৈ লৈ নোযোৱাক কেন্দ্ৰ কৰি সূত্ৰপাত হয় এই আজৱ ঘটনাৰ ।

মহিলাগৰাকীৰ নাম লিণ্ডা মেকএলষ্টাৰ। তেওঁ আয়াৰলেণ্ডৰ বাসিন্দা। তেওঁৰ অভিযোগ , স্বামী জন মেকএলষ্টাৰে তেওঁৰ দুই সন্তান আৰু তেওঁৰ পত্নীক ঘৰত এৰি অকলে গ্ৰীষ্মকালীন বন্ধৰ বাবে ঘূৰিব গৈছিল। তাত আনন্দ ফুৰ্তি কৰি আছিল ।

স্বামী নিলামৰ বিজ্ঞাপন মুকলি হোৱাৰ পাছত ১২ জন গ্ৰাহককো বাদ দিয়া হৈছিল। কেইঘণ্টামানৰ ভিতৰতে মূল্য উঠিল প্ৰায় পাঁচ হেজাৰ টকা। জনে বন্ধুবৰ্গৰ পৰা তেওঁৰ নিলামৰ খবৰ পাইছিল।

অৱশ্যে, নিলাম ৱেবছাইটটোৱে বিজ্ঞাপনটো আঁতৰাই দিছিল। ৱেবছাইটটোৰ নীতি আৰু অনুপালন ব্যৱস্থাপক জেমছ ৰিয়ানে কয়, “মই প্ৰথমবাৰৰ বাবে এনে ধৰণৰ বিজ্ঞাপন দেখিছোঁ য’ত এগৰাকী মহিলাই তেওঁৰ স্বামীক নিলাম কৰিছে। “

Exit mobile version