Amitabh Bachchan : দিল্লীৰ বিলাসবহুল বাংলো বিক্ৰী কৰিলে অমিতাভ বচ্চনে, জানেনে কিমান টকা ?

Amitabh HC

পৰিয়ালৰ বাংলো বিক্ৰী কৰিলে অমিতাভ বচ্চনে । দক্ষিণ দিল্লীৰ গুলমোহৰ পাৰ্কৰ সেই ঘৰটোত বাস কৰিছিল অমিতাভৰ পিতৃ-মাতৃ । এক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ‘ছোপান’ নামৰ এই বিলাসী বাংলোটো ২৩ কোটি টকাত বিক্ৰী কৰা হৈছে!

বিগ বিয়ে নিজেই তেওঁৰ শৈশৱ এই ঘৰত অতিবাহিত কৰিছে। এইটো সম্ভৱতঃ বচ্চন পৰিয়ালৰ প্ৰথম বাসভৱন । মুম্বাইলৈ যোৱাৰ আগতে অমিতাভ মাক দেউতাকৰ স’তে এই বাংলোটোত বাস কৰিছিল।

৪১৮.০৫ বৰ্গ মিটাৰ এলেকা আৱৰি থকা এই বাংলোটো এটা ব্যক্তিগত ষ্টীল ফাৰ্মৰ মুখ্য কাৰ্যবাহী বিষয়া অৱনী বদৰে ক্ৰয় কৰিছে। অৱনী দীৰ্ঘদিন ধৰি বচ্চন পৰিয়ালৰ ঘনিষ্ঠ । তেওঁৰ নিজৰ ঘৰটোও সেই চুবুৰীয়া অঞ্চলতে আছে।

‘জনক’, ‘জলসা’, ‘প্ৰত্যুষা’, ‘বৎছ’, ‘আম্মু’। অমিতাভৰ এতিয়া মুম্বাইৰ জুহুত পাঁচটা ৰাজকীয় বাংলো আছে।

Exit mobile version