বুধবাৰৰ তুলনাত বৃহস্পতিবাৰে ভাৰতত দৈনিক কৰ’না সংক্ৰমণ সামান্য বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত, দেশত কৰ’নাত আক্ৰান্ত হৈছে এক লাখ ৭২হেজাৰ ৪৩৩ জন ।
ADVERTISEMENT
যি বুধবাৰৰ তুলনাত ৬.৮ শতাংশ অধিক । বুধবাৰে দেশত কৰ’নাত আক্ৰান্ত হৈছিল এক লাখ ৬১ হেজাৰ ৩৮৬ জন । বিগত ২৪ ঘণ্টাত দেশত সংক্ৰমণৰ হাৰ ১০.৯৯ শতাংশ।
কেন্দ্ৰীয় স্বাস্থ্য আৰু মন্ত্ৰালয়ে জাৰি কৰা পুৱা বুলেটিন অনুসৰি, বিগত ২৪ ঘণ্টাত ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে দুই লাখ ৫৯হেজাৰ ১০৭ জন ।
বিগত ২৪ ঘণ্টাত, দেশত ১৫ লাখ ৬৯হেজাৰ ৪৪৯ জনৰ ক’ভিড পৰীক্ষণ কৰা হয় ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে জনাইছে, দেশত বিগত ২৪ ঘণ্টাত ১,০০৮ জন লোকৰ মৃত্যু হৈছে।