ক’ভিডত আক্ৰান্ত অভিনেত্ৰী জয়া বচ্চন

89342285

ক’ভিড আক্ৰান্ত প্ৰবীণ অভিনেত্ৰী জয়া বচ্চন । বৃহন্মুম্বাই পৌৰ নিগমৰ (বিএমচি) এজন বিষয়াই জনাইছে যে অমিতাভ বচ্চনৰ পত্নী যোৱা পাঁচ দিন ধৰি কৰ’নাত আক্ৰান্ত হৈ আছে। বৰ্তমান নিভৃতবাসত আছে অভিনেত্ৰীগৰাকী ।

ADVERTISEMENT

কৰণ জোহৰৰ ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ৰ ছবিৰ দৃশ্যগ্ৰহণ জয়াৰ ক’ভিড পজিটিভ হোৱাৰ পাছত স্থগিত হৈ পৰিছে । কিন্তু ৰাজ্যসভাৰ সাংসদ জয়াৰ অবিহনে পুনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে। ছেটত সকলো ক’ভিড নিয়ম অনুসৰণ কৰা হৈছে।

এই ছবিখনত আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰৰ উপৰিও ছবিখনত জয়া বচ্চন আৰু ধৰ্মেন্দ্ৰই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

ইয়াৰ উপৰিও আছে শাবান আজমী । তেওঁও অলপতে আক্ৰান্ত হৈছিল ক’ভিডত।

Exit mobile version