Accident : শুই থকাৰ অৱস্থাতে মৃত্যুক সাৱটিলে ছয়জন শ্ৰমিকে

1643949662 pune

নিৰ্মীয়মান অট্টালিকাৰ এটা অংশ খহি পৰাৰ ফলত মৃত্যু কমেও ছয়জন শ্ৰমিকৰ । আহত কে’বাজনো ।ইয়াৰ ভিতৰতে কেইবাজনৰো অৱস্থা সংকটজনক ।

ঘটনাটো বৃহস্পতিবাৰে নিশা পুনেৰ য়াৰবাদা শাস্ত্ৰীনগৰ অঞ্চলত সংঘটিত হয় । আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান চলাই । প্ৰশাসনে জনোৱা অনুসৰি মৃত সকলো বিহাৰৰ বাসিন্দা ।

পুনে আৰক্ষীয়ে জনোৱা অনুসৰি,সেই অঞ্চলটোত এটা শ্বপিং মল নিৰ্মাণৰে কাম চলি আছিল । বৃহস্পতিবাৰে নিশা তাৰে একমহলত দুৰ্ঘটনা হয়। পুনেৰ ডিচিপি ৰহিদাছ পাৱাৰে জনায় যে প্ৰথমে পাঁচজনৰ মৃত্যুৰ খবৰ পোৱা গৈছিল।লগতে আন পাঁচজন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। পাছত আন এজন শ্ৰমিকৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

পুনেৰ যান-বাহন আয়ুক্ত ৰাহুল শ্ৰীৰামে জনাইছে যে লোহাৰে নিৰ্মাণ কৰা ঘৰটোৰ ঢালাইৰ বাবে প্ৰস্তুতি চলাই থকা হৈছিল । ৰাতি পাৰ্কিং লটত চাডৰ কিছু অংশ খহি পৰিছিল।

সেই সময়ত তাত শুই আছিল ১০ জন শ্ৰমিক । প্ৰচণ্ড শব্দ শুনি স্থানীয় লোকসকল ওলাই আহিল। তেওঁলোকে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বিভাগক খবৰ দিয়ে। তাৰ পাছত উদ্ধাৰ অভিযান আৰম্ভ হ’ল।

Exit mobile version