নাকত আছে। মুখত নাই । এইটোও মাস্ক হয় !
মাস্কক লৈ বিগত দুটা বছৰ পৰীক্ষা কম হোৱা নাই । এন৯৫ নে চার্জিকেল মাস্ক, কোনটো অধিক উপযোগী, তাক লৈ বহুতো চর্চা হৈছে । তাৰ ভিতৰতে কোনোবাই বনাইছে কাপোৰৰ মাস্ক। কোনোবাই আকৌ বিয়াৰ বাবে বনাইছে বেনাৰসী মাস্ক ।
এই সকলোবোৰ মাস্ক কিমান কাৰ্যকৰী তাক লৈ বিতৰ্ক আৰম্ভ হৈছে বিতৰ্ক । তাৰ মাজতে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে দক্ষিণ কোৰিয়াৰ ‘কোস্ক’য়ে ।
কেৱল নাকটো ঢাকি ৰাখে এই মাস্কে । দক্ষিণ কোৰিয়াত, “কো”ৰ অৰ্থ হৈছে নাক। কো’ আৰু ‘মাস্ক’ ‘মিলি হৈছে কোস্ক’ । সমগ্ৰ বিশ্বৰে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে এই মাস্কে ।
কিন্তু এই মাস্ক সেই দেশত কিয় জনপ্ৰিয়?
সাধাৰণতে মাস্ক পিন্ধিলে খাব নোৱাৰে। খোৱাৰ সময়ত ইয়াক আঁতৰাই থব লাগে। কিন্তু কোস্কত তেনে কোনো সমস্যা নাই। এই মাস্ক পৰিধান কৰিব অহাৰ গ্ৰহণ কৰিব খাব পাৰি। আৰু খোৱাৰ সময়তো নিজকে অলপ সুৰক্ষিত ৰখা যায়। অন্ততঃ নাকৰ মাজেৰে শৰীৰত কোনো বীজাণু প্ৰৱেশ নকৰে সেয়া নিশ্চিত।
কিন্তু কোস্ক ব্যৱহাৰৰ বাবে উপযোগী হয় নে ?
সামাজিক মাধ্যমত এই মাস্কৰ ফটো বিয়পি পৰাৰ পাছত তৈয়াৰ হৈছে বিতৰ্ক । কিছুয়ে কৈছে এইটো কেৱল ফেশ্বন। কিছুমানে কয় যে এইটো কেৱল দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰস্তুত কৰা হৈছে।
এই মাস্ক পৰিধান কৰিলে মুকলি থাকে মুখ ।ফলত এই মাস্ক কাৰ্যকৰী নহয় বুলি মত প্ৰকাশ কৰে বহুতে । কোস্কৰ সপক্ষেও মত প্ৰকাশ কৰিছে বিভিন্নজনে ।
যিহেতু প্ৰয়োজন হ’লে এই মাস্কৰ ভাঁজ খুলি মুখখনো ঢাকিব পাৰে । বহুলোকে এই নতুন ধাৰণাটোক আদৰণি জনাইছে। এই সকলো বিতৰ্কৰ মাজতে এতিয়া অধিক জনপ্ৰিয় হৈ উঠিছে কোস্ক ।






























