পৰ্বতঝৰাত বজ্ৰপাতত ভস্মীভূত ঘৰ সা – সম্পত্তি

দৈবক্ৰমে ৰক্ষা পৰিল এটা পৰিয়াল

922e7f6e 9055 411e be7d 470d844449de

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ ফাষ্টিবাড়ি গাঁৱত নিশা এক ভয়ানক ঘটনা সংঘটিত হয় । নিশ্চিত বিপদৰ পৰা কথমপি ৰক্ষা পৰে এটা পৰিয়াল ।

গাঁওখনৰ নিবাসী জমিৰ শ্বেখৰ পৰিয়াল নৈশ আহাৰ গ্ৰহণ কৰি শুই থকা অৱস্থাত ঘৰত নিশা বজ্ৰপাত হয়।

বতাহ – ধুমুহাৰ মাজতে অহা বজ্ৰপাতত তেওঁৰ ঘৰৰ এটা কোঠালীৰ বিস্তৰ ক্ষতি সাধন হয় । বজ্ৰপাতত এটা ঘৰ ভস্মীভূত হোৱাৰ লগতে প্ৰায় দহ লাখ টকাৰ মৰাপাটৰ লগতে অন্যান্য সামগ্ৰী জ্বলি ভস্মীভূত হয় ।

Exit mobile version