কিংদন্তি গায়িকা লতা মংগেশকাৰ কিছু নজনা কথা

lata mangeshkar health critical main 0

সমগ্ৰ দেশতে এগৰাকী সংগীত কিংবদন্তী হিচাপে পৰিচিত লতা মংগেশকাৰ এগৰাকী গায়িকাৰ লগতে সংগীত পৰিচালক । তেওঁ হিন্দী চলচ্চিত্ৰৰ বাবে দীর্ঘ সময় দশক ধৰি গান গোৱাৰ আইকন আৰু অগণন হিটৰ বাবে বলিউডৰ নাইটিংগেল হিচাপে পৰিচিত। গায়িকগৰাকীৰ কিছু হিট গান , লাগ জা গলে ,এক প্রিয়াৰ কা নাগমা হে,হামকো হামিছে চুৰা লো,দিদি তেৰা দেওয়াৰ দেওয়ানা ,কাঞ্চি ৰে কাঞ্চি ৰে কে ধৰি বহুতো ।

সুৰৰ সম্ৰাগী লতা মংগেশকাৰৰ জন্ম ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত ইন্দোৰত হৈছিল। মানুহৰ মাজত তেওঁৰ জনপ্ৰিয়তা থকা স্বত্বেও, ৯২ বছৰীয়া প্ৰতিষ্ঠিত গায়িকাগৰাকীৰ আছে কিছু নজনা কথা।

(১) লতা মংগেশকাৰে তেওঁৰ সাত দশকৰ কৰ্মজীৱনত ২৫,০০০ তকৈও অধিক গানত অৱদান আগবঢ়াইছে। লতাজীয়ে তেওঁৰ গানৰ কেৰিয়াৰ আৰম্ভ কৰিছিল যেতিয়া তেওঁ ১৩ বছৰ বয়সত ১৯৪২ চনত মাৰাঠী চলচ্চিত্ৰৰ বাবে এটা গান ৰেকৰ্ড কৰিছিল। তেতিয়াৰ পৰা, তেওঁ অসংখ্য ভাৰতীয় চলচ্চিত্ৰত কাম কৰিছে।

(২)বহুলোকে ভালদৰে জানে যে লতা অতি প্ৰতিভাশালী আশা ভোচলিৰ ভগ্নী কিন্তু বহুতে ধাৰণা নকৰে যে তেওঁৰ গোটেই পৰিয়ালটোয়ে দুৰ্দান্ত অভিনয়শিল্পী। তাইৰ পিতৃয়ে এখন থিয়েটাৰ চলাইছিল আৰু তাইৰ ডাঙৰ ভগ্নী ঊষা আৰু মেয়া দুয়োগৰাকী গায়িকা যি খুব বিখ্যাত নহয় কিন্তু বহুতো ভাৰতীয় গান ৰেকৰ্ড কৰিছে।

(৩)গুলাম হাইদাৰে ১৯৪৮ চনত মাজবুৰ চলচ্চিত্ৰৰ বাবে ‘দিল মেৰা টোডা’ গানটো গাবলৈ লতাক প্ৰস্তাৱ দিছিল।

(৪) লতা মংগেশকাৰে তেওঁৰ অনন্য গায়ন প্ৰতিভাৰ বাবে বহুতো প্ৰসিদ্ধ সন্মান লাভ কৰিছে যাৰ ভিতৰত আছে তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ভাৰত ৰত্ন, চাৰিটা ফিল্মফেয়াৰ বঁটা আৰু ১২ টা বঙালী চলচ্চিত্ৰ সাংবাদিক সন্থা বঁটা।

(৫) হিন্দী আৰু উৰ্দুত গান গোৱাৰ উপৰিও, লতাজীয়ে ৩৬ টা বিভিন্ন ভাষাত গান ৰেকৰ্ড কৰিছে যাৰ ভিতৰত আছে বাংলা, অসমীয়া, তামিল, মাৰাঠী, ভোজপুৰী আৰু অন্যান্য।

(৬) লতা মংগেশকাৰৰ ৰেকৰ্ডিং ষ্টুডিঅ’ক বহু অভিনেতা আৰু পৰিচালকে মন্দিৰ বুলি গণ্য কৰে।

(৭) লতা মংগেশকাৰে শীৰ্ষ পুৰুষ নেপথ্য গায়কৰ স’তে গান গাইছে, সেয়া ৪০ৰ পৰা ৭০ ৰ দশকত মহম্মদ ৰফি, কিশোৰ কুমাৰ হওঁক বা ৮০ আৰু ৯০ ৰ দশকত এছ পি বালাশুভাৰিয়াম, কুমাৰ চানুই হওঁক। তেওঁ এ আৰ ৰহমান, চনু নিগম আৰু অন্যান্যৰ দৰে আধুনিক গায়কসকলৰ স’তেও গান গাইছে।

Exit mobile version