চাৰি মাহত ১০ লাখ আফগান নাগৰিকৰ পলায়ন : প্ৰতিবেদনৰ তথ্য

Afghanistan Pakistan

তালিবানে আফগানিস্তান পুনৰ দখল কৰাৰ পাছত দেশখনৰ দুৰৱস্থা অব্যাহত আছে। তালিবানে দেশ দখলৰ লগতে আফগানিস্তানবাসীৰ জীৱনকো বিশেষভাৱে প্ৰভাৱিত কৰিছে।

তালিবানে চৰকাৰ গঠন কৰাৰ পাছৰে পৰা আফগানিস্তানবাসীৰ মৌলিক অধিকাৰ খর্ব কৰাৰ লগতে বিভিন্ন ধৰণৰ মানৱতা বিৰােধী নীতি-নিয়ম ঘােষণা কৰি আহিছে।

তদুপৰি একে সময়তে দেশখনত খাদ্য সংকটে দেখা দিছে। আর্থিক অনাটনৰ সমস্যায়াে তালিবানৰ শাসনত ইতিমধ্যে আফগানিস্তানবাসীক হাৰাশাস্তি কৰিছে।

এনে পৰিস্থিতিত উপায়হীন হৈ দেশত্যাগৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে বহু আফগান নাগৰিক। বিগত চাৰি মাহত কমেও ১০ লাখ নাগৰিকে আফগানিস্তানৰ পৰা পলায়ন কৰিলে।

আমেৰিকাৰ পৰা প্রকাশিত বিশ্বখ্যাত ‘দ্য নিউ য়র্ক টাইমছ’ কাকতে এক প্রতিবেদনত এই তথ্য ৰাজহুৱা কৰিলে। সংবাদপত্রখনত উল্লেখ কৰা অনুসৰি আফগানিস্তানত তালিবানৰ শাসন পুনৰ প্ৰৱর্তন হােৱাৰ পাছত যােৱা চাৰি মাহত দেশখনৰ পৰা ১০ লাখৰাে অধিক নাগৰিকে চুবুৰীয়া আন দেশলৈ পলায়ন কৰিলে।

এইদৰে আফগানিস্তান ত্যাগ কৰা নাগৰিকসকলৰ সৰহ সংখ্যকে সীমান্ত পাৰ হৈ ইৰান আৰু পাকিস্তানত আশ্রয় গ্রহণ কৰিছে।

প্রকাশিত বাতৰি অনুসৰি সম্প্রতি দৈনিক গড়ে চাৰি হেজাৰ আফগান নাগৰিকে দেশ ত্যাগ কৰি ইৰানলৈ গমন কৰিছে। আফগানিস্তানত বিত্তীয় সংকট, সংস্থাপনহীনতা আৰু তালিবানৰ বৰ্বৰ শাসনত অতিষ্ঠ হৈ এইদৰে দেশখনৰ নাগৰিকে আন দেশলৈ পলায়ন কৰিবলৈ বাধ্য হৈছে বুলি সংবাদপত্ৰখনত উল্লেখ কৰা হৈছে।

Exit mobile version