অনু হাজৰিকা নামৰ প্ৰায় ৬০ বছৰীয়া এগৰাকী মহিলাক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ।
কালাপাহাৰ গোপীনাথ নগৰৰ তাৰা হীৰা কম্প্লেক্সৰ স্বত্বাধিকাৰী ।
নিশাৰ ভাগত কোনো দুৰ্বৃত্তই হত্যা কৰি থৈ যায় মহিলা গৰাকীক।
ঘৰৰ আছবাব ভাঙি ধন , সোন লুটি লৈ যোৱাৰ লগতে চি চি টিভি ভাঙি থৈ যায় দুৰ্বৃত্তই ।
ঘটনাস্থলীত উপস্থিত হৈ উচ্চও পৰ্যায়ৰ আৰক্ষী । বৰ্তমানলৈকে কোনো ধৰণৰ শুংসূত্ৰ পোৱা নাই আৰক্ষী প্ৰশাসনে যদিও তদন্ত অব্যাহত ৰাখিছে ।
মহিলাগৰাকী অকলশৰে বাস কৰিছিল নিজ বাসগৃহত ।