‘শৈশৱে ভাল আছিল !’লতাৰ ফটো পোষ্ট কৰি শৈশৱৰে দিন স্মৰণ কৰিলে ভগ্নী আশায়ে

Lata 1 1

লতা মংগেশকাৰ আৰু আশা ভোছলে (Asha Bhosle) । ভাৰতীয় সংগীত জগতৰ দুই নক্ষত্ৰ । মংগেশকাৰ পৰিয়ালৰ চাৰিগৰাকী ভগ্নীৰ ভিতৰত লতা আৰু আশা আটাইতকৈ জনপ্ৰিয় ।

এসময়ত বলীউডত এক গুঞ্জন হৈছিল , এই দুই ভগ্নীৰ মাজত হৈছিল সংঘাত । লতাৰ কাৰণেই আশাক বহুতো চলচ্চিত্ৰত গান গাবলৈ অনুমতি দিয়া হোৱা নাছিল বুলিও প্ৰচাৰ হৈছিল।

অৱশ্যে, যদিও দুয়োগৰাকী ভগ্নীৰ বিষয়ে যথেষ্ট আলোচনা হৈ থাকে , লতা বা আশাই কেতিয়াও ৰাজহুৱাভাৱে এই বিষয়ে কোৱা নাই। ইয়াৰ বিপৰীতে, সকলো উৰাবাতৰি ভুল প্ৰমাণ কৰি আহিছে ।

আশা লতা মংগেশকাৰতকৈ চাৰি বছৰ সৰু । কিন্তু আশাৰ বাবে লতা দিদি কম, তেওঁৰ মাক-দেউতাক বেছি ।

১৩ বছৰ বয়সত পিতৃৰ মৃত্যুৰ পাছত তেওঁ পৰিয়ালটোৰ যত্ন লয়। সেই দিদি আজি নাই। বাৰে বাৰে যেন শৈশৱলৈ উভতি গৈছে আশা ।

শেহতীয়াকৈ, আশা ভোছলে ছচিয়েল মিডিয়াত তেওঁৰ আৰু লতাৰ শৈশৱৰ ফটো শ্বেয়াৰ কৰে। ছবিখন শ্বেয়াৰ কৰি আশাই লিখিছিল, ” শৈশৱৰ দিন বোৰ বৰ ভাল আছিল দিদি আৰু মই। ‘

Exit mobile version