অষ্ট্রেলিয়া চৰকাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে পুনৰ দেশৰ সীমান্ত মুকলি কৰাৰ সিদ্ধান্ত ল’লে।অষ্ট্রেলিয়াৰ প্ৰধানমন্ত্রী স্কট মৰিছনে এই সিদ্ধান্তৰ কথা প্রকাশ কৰি শেহতীয়াকৈ কয় যে অহা ২১ ফেব্ৰুৱাৰীৰ পৰা দেশখনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পর্যটকৰ বাবে মুকলি কৰা হ’ব।
ADVERTISEMENT
অৱশ্যে সম্প্রতি দেশখনত প্ৰৱেশৰ বাবে পর্যটকসকলে ক’ভিডৰ টিকাকৰণ সম্পূর্ণ কৰাটো জৰুৰী হ’ব। মৰিছনে লগতে কয় যে দেশৰ সীমান্ত পর্যটকৰ বাবে দুবছৰৰ পাছত মুকলি কৰি দিয়াৰ ফলত পর্যটকসকল আনন্দিত হােৱাৰ লগতে অষ্ট্রেলিয়াৰ পৰ্যটন উদ্যোগ উপকৃত হব।
স্মর্তব্য যে দুবছৰ পূর্বে ক’ভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অষ্ট্রেলিয়াই পর্যটকৰ বাবে দেশখনৰ সীমান্ত বন্ধ ঘােষণা কৰিছিল।