পুৱাৰ আহাৰ কেতিয়া খোৱা উচিত

toddler breakfast ideas on coutnertop

পুৱাৰ আহাৰ কেতিয়া খাব লাগে এই লৈ বিশেষজ্ঞসকলৰ মাজত মতভেদ হােৱা দেখা যায়। কিছুমানে সােনকালে আৰু কিছুমানে অলপ পলমকৈ খাবলৈ পৰামৰ্শ আগবঢ়ায়।

দৰাচলতে, বিষয়টো কিছু পৰিমাণে নিজৰ ওপৰত নিৰ্ভৰ কৰে। পুৱাৰ আহাৰ খােৱাৰ বাবে সদায় এক নির্দিষ্ট সময় বান্ধি ল’ব লাগে। সমান্তৰালভাৱে নিয়ন্ত্রণ কৰিব লাগিব পুৱাৰ আহাৰ গ্ৰহণৰ আগত অথবা পাছত কিমান সময়ৰ ব্যৱধান থাকিব।

শুই উঠিয়ে চাইকেল চলাওক অথবা জিমত কিমান সময় কটাব ‘তাৰৰ সময় সঠিক কৰিব। লাগিব। বেছিকৈ খাদ্য খালে অতিৰিক্তৃ কিমান সময় ব্যায়াম বা কাম কৰিব লাগিব তাৰ হিচাপ থকাটো বাঞ্ছনীয়। পুৱাৰ আহাৰৰ তালিকাত কেনেধৰণৰ খাদ্য অন্তর্ভুক্ত কৰিব সেয়া গুৰুত্বপূর্ণ বিষয়।

কাৰণ এইক্ষেত্ৰত কোনেও নির্দিষ্ট এখন তালিকা মানি চলিব নােৱাৰে। কিছুমানে যদি কেৱল ফলমূল খায় আন। কিছুমানে আকৌ কণী, মাখন আদি খায় তৃপ্তি লাভ কৰে।

গতিকে ব্যক্তিবিশেষে তালিকাখন ভিন্ন। হােৱাটো স্বাভাৱিক। কিন্তু যিহকেই নাখাওক কিয় তালিকাখনত সুষম আহাৰহে অন্তর্ভুক্ত কৰিব লাগে। কাৰণ সুষম আহাৰ আৰু দিনটোত সম্পাদন কৰা কাৰ্যৰ মাজত ভাৰসাম্য ৰক্ষা হ’লেহে সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰি৷ কল, আপেল, কণী, ৰুটী, মাখন, তৰকাৰী আদি হ’ল ।

সাধাৰণতে খােৱা পুৱাৰ আহাৰ। এইবােৰৰ ভিতৰত কিছুমানে তিনিধি পর্যন্ত ফল একেলগে খায়। পুৱাৰ আহাৰততা যদি মিহলি পাচলিৰ তৰকাৰী খায় তেতিয়াহ’লে কোনাে সমস্যাই নাই। কাৰণ ইয়াত প্রয়ােজনীয় কার্বহাইড্রেট, ভিটামিন, বিভিন্ন ধৰণৰ খনিজ দ্রব্য একেলগে পােৱা যায়।

গুৰুত্বপূর্ণ বিষয়টো হ’ল অত্যধিক চর্বিযুক্ত আহাৰ গ্রহণ নকৰাটোহে। ধৰি লােৱা হ’ল এজন লােক উচ্চ ৰক্তচাপত আক্রান্ত। এনে লােকে নিয়মীয়াকৈ পুৱাই ব্যায়াম কৰিলেও খাদ্য তালিকাত কণী, মাখন অথবা আন অত্যধিক চর্বিযুক্ত আহাৰ খাব নালাগে।

কাৰণ পুৱাই এনেধৰণৰ আহাৰ খােৱাৰ ফলত দিনটোৰ বাবে অস্বস্তি লাগি থাকিব। তেজত কোলেষ্টোৰেলৰ পৰিমাণ অস্বাভাৱিকভাৱেবৃদ্ধি পােৱাৰ উপৰি ধমনীত প্রতিবন্ধকতা সৃষ্টি, কৰাৰ, আশংকা বৃদ্ধি পায়।

Exit mobile version