কোকৰাঝাৰ বঙ্গ সীমান্তত ব্ৰইলাৰ কুকুৰাৰ ছিণ্ডিকেটৰ নামত দালাল চক্ৰই প্ৰতিদিনে সংগ্ৰহ কৰে লাখ লাখ টকা

অসম আৰক্ষীৰ হাতত এই সন্দৰ্ভত নাই কোনো তথ্য: এল আৰ বিষ্ণয়

1610397738 12assam 5

মুখ্য মন্ত্ৰীৰ ঘোষনাৰ পাছতো ৰাজ্যত অব্যাহত ছিণ্ডিকেট। এইবাৰ ব্ৰইলাৰ কুকুৰাৰ ছিণ্ডিকেট। কোকৰাঝাৰ জিলাৰ বঙ্গ সীমান্তত ব্ৰইলাৰ ছিণ্ডিকেটৰ নামত দালাল চক্ৰই সংগ্ৰহ কৰে নিতৌ লাখ লাখ টকা। যাৰ ফলত প্ৰতি দিনে বজাৰত বৃদ্ধি পাব ধৰিছে ব্ৰইলাৰ কুকুৰাৰ মাংসৰ দাম।

পিছে এই ব্ৰইলাৰ কুকুৰাৰ দাম বৃদ্ধিৰ আঁৰত কি চলিছে জানে নে ? ব্ৰইলাৰ আমদানিত চলিছে ভয়ংকৰ ছিণ্ডিকেট। পশ্চিম বংগৰ পৰা অহা প্ৰতিখন ব্ৰইলাৰ কঢ়িওৱা বাহনৰ পৰা দালালে সংগ্ৰহ কৰি আহিছে গুণ্ডা কৰ। প্ৰতি দিনে প্ৰতিখন বাহন অসমত প্ৰবেশ কৰিলেই গুণ্ডাকৰ দিব লাগে ১৫-১৬ হেজাৰ কৈ টকা।

এই অভিযোগ ব্ৰইলাৰ কঢ়িওৱা বানৰ মালিক আৰু চালক সকলৰ। যাৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছে ব্ৰইলাৰ কঢ়িওৱা বাহনৰ ব্যৱসায়ী সকলৰ । অভিযোগ অনুসৰি আৰক্ষী-পৰিবহন বিভাগো জড়িত এই ব্ৰইলাৰ ছিণ্ডিকেটৰ স’তে। ব্ৰইলাৰ কঢ়িওৱা বাহন চালক সকলে জনায় শ্ৰীৰামপুৰ গেটেৰে অসমত প্ৰৱেশ কৰাৰ পূৰ্বে আৰু পাছত প্ৰতিখন বাহনেই দালাল চক্ৰক অনলাইন পেমেন্ট কৰিবলগীয়া হয় ১৫ ৰ পৰা ১৬ হেজাৰকৈ টকা অন্যথা জৰিমনা দিবলগীয়া হয় আৰু চালক সকলে দালাল চক্ৰৰ কোব খাবলগীয়াও হয়।

কিবা কাৰণে গুণ্ডাকৰ নিদিলে ব্ৰইলাৰ কুকুৰা কাঢ়ি লোৱাৰ অভিযোগ কৰে চালক সকলে। ব্ৰইলাৰ কঢ়িওৱা বাহন সমুহে টকা সমুহ অনলাইন ট্ৰেন্সফাৰ কৰাৰ পিছত হে প্ৰৱেশ কৰিব পাৰে অসমত। অন্যথা নানান হাৰাশাস্তি সন্মুখীন হয় এইসকল ব্ৰইলাৰ কুকুৰাৰ ব্যৱসায়ী।

এই সমগ্ৰ টকা সমুহ সংগ্ৰহ কৰে একাংশ দালালে। যাৰ কথোপকথনৰ সমগ্ৰ কল ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। চালক সকলে জনায় যে দালাল চক্ৰটোৰ সৈতে পৰিবহন বিভাগ আৰু আৰক্ষীয়ো জড়িত থকাৰ সন্দেহ কৰি কয় যে যদি বিভাগীয় লোক জড়িত নাথাকে তেন্তে নিতৌ প্ৰায় দুশ ব্ৰইলাৰ কঢ়িওৱা বাহনৰ পৰা এই দৰে ৰাজপথত দালালিৰ ধন সংগ্ৰহ কৰে আৰু নিদিয়া সকলক জৰিমনা তথা শাস্থি প্ৰদান কৰে কিদৰে বুলি প্ৰশ্ন কৰে।

অভিযোগ অনুসৰি ব্ৰইলাৰ কুকুৰা কঢ়িওৱা বাহনৰ চালকে এজাহাৰ দিলেও থানায় নোলোৱাৰ অভিযোগ কৰিলে চালক সকলে। কোকৰাঝাৰ সদৰ থানাত গোচৰ দিবলৈ গৈয়ো ওভতি আহিবলগীয়া হৈছে চালক সকল কাৰণ এজাহাৰ লোৱা নাই থানাই।

শ্ৰীৰামপুৰৰ সমিৰণ দাস,বঙ্গ সীমান্তৰ ৰাজু দাস,কোকৰাঝাৰৰ মনোজ বসুমতাৰীৰ এই দালাল চক্ৰৰে জড়িত থকাৰ তথ্য প্ৰকাশ কৰিছে ব্ৰইলাৰ কঢ়িওৱা বাহনৰ মালিক সকলে। তেওঁলোকৰ দাবী যে চৰকাৰে যদি এই ছিণ্ডিকেট চক্ৰ বন্ধ নকৰে তেন্তে তেওঁলোকে এই ব্যৱসায় এৰিব লাগিব অন্যথা কোনো উপায় নাই।

প্ৰতিদিনে পশ্চিম বঙ্গৰ পৰা ব্ৰইলাৰ কুকুৰা কঢ়িওৱা প্ৰায় দুশ বাহন অসমত প্ৰৱেশ কৰে । সমগ্ৰ অসমত ব্ৰইলাৰ যোগান ধৰে। এনে অৱস্থাত প্ৰতি নিশাই দালাল চক্ৰটোৱে ব্ৰইলাৰ কঢ়িওৱা বাহনৰ পৰা ৩৫ লাখ টকা সংগ্ৰহ মাহেকত প্ৰায় চাৰি কোটী টকা সংগ্ৰহ কৰে।

ইমান বৃহৎ ধন সংগ্ৰহৰ তথ্য অসম আৰক্ষীৰ হাতত নাই । আজি চিৰাং ভ্ৰমনত থকা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি এল আৰ বিষ্ণয়ক প্ৰশ্ন সোধাত আৰক্ষী সঞ্চালক প্ৰধান জনে স্পষ্ট ভাৱে সংবাদ মাধ্যমক জনায় এই সন্দৰ্ভত আৰক্ষীৰ হাতত কোনো তথ্য নাই । বিটিআৰৰ শাসকীয় দল জড়িত থকাৰ সন্দেহ কৰিছে একাংশ লোকে।

মুঠৰ ওপৰত বিজ্ঞাপনত চৰকাৰে দুৰ্ণীতিৰ বিৰুদ্ধে শুণ্য সহনশীলতা নীতি আৰু বাস্তৱত এখন ওলোটা ছবি পৰিলক্ষিত হৈছে। চৰকাৰে যিমানেই দুৰ্ণীতি মুক্ত দালাল মুক্ত তথা ছিণ্ডিকেট মুক্ত অসম গঢ়াৰ শ্লোগান নিদিয়ক কিয় এই দৰে এটাৰ পিচত এটা গুণ্ডাকৰ,দালাল চক্ৰৰ ছিণ্ডিকেট ৰাজ পোহৰলৈ আহিয়ে আছে ।

Exit mobile version