কৰ্কট ৰােগ সৃষ্টিকাৰী : জনছনৰ ‘বেবী পাউডাৰ’ হ’ব নিষিদ্ধ

MW HT625 Johnso ZG 20191018122618

জনছন এণ্ড জনছনে প্রস্তুত কৰা বেবী পাউডাৰ ব্রিটেইনসহ সমগ্র বিশ্বত নিষিদ্ধ হােৱাৰ সম্ভাৱনা আছে। কোম্পানীটোৰ এজন শ্বেয়াৰ ধাৰকে জনছন এণ্ড জনছনৰ বেবী পাউডাৰ নিষিদ্ধ কৰাৰ এক প্রস্তাৱ উত্থাপন কৰিলে।

‘দ্য গার্ডিয়ান’ত প্রকাশিত প্রতিবেদনৰ তথ্য অনুসৰি জনছনে ২০২০ বৰ্ষতে আমেৰিকা আৰু কানাডাত বেবী পাউডাৰ বিক্ৰী বন্ধ কৰিছিল।

মার্কিন স্বাস্থ্য বিশেষজ্ঞই জনছনৰ এই বেবী পাউডাৰত কৰ্কট ৰােগ সৃষ্টিকাৰী চি চি এফৰ উপস্থিতি ধৰা পেলােৱাৰ পাছতে আমেৰিকাত এই পাউডাৰ নিষিদ্ধ কৰা হৈছিল আৰু ইয়াৰ পাছৰে পৰা বিশ্বজুৰি জনছনৰ বেবী পাউডাৰৰ বিক্রী হ্রাস পাবলৈ ধৰে।

প্রকাশিত বাতৰি অনুসৰি, কোম্পানীটোৰ বিৰুদ্ধে বেবী পাউডাৰৰ সন্দৰ্ভত ৩৪ হেজাৰৰাে অধিক গােচৰ আছে।

অৱশ্যে জনছন এণ্ড জনছনে বেবী পাউডাৰ ক্ষতিকাৰক নহয় বুলি দাবী কৰাৰ লগতে কোম্পানীটোৰ উৎপাদিত সামগ্ৰীৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰা বুলি অভিযােগ উত্থাপন কৰিছে।

Exit mobile version