CBSE : চিবিএচিৰ দশম আৰু দ্বাদশৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ তাৰিখ ঘোষণা

1644427650 cbse

দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে দুটা পৰ্যায়ত পৰীক্ষাৰ নতুন প্ৰণালী আগতে ঘোষণা কৰা হৈছিল।

বিগত বৰ্ষত অনুষ্ঠিত হৈছিল প্ৰথম পৰ্যায়ৰ পৰীক্ষা । বুধবাৰে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ তাৰিখো ঘোষণা কৰিলে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ।

দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা পৰীক্ষাৰ নাম দিয়া হৈছে প্ৰথম টাৰ্ম আৰু দ্বিতীয় টাৰ্ম । বুধবাৰে, ঘোষণা কৰা হৈছিল যে অহা ২৬ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব পৰীক্ষাৰ্থীসকলৰ দ্বিতীয় টাৰ্ম ।

চিবিএছইৰ পৰীক্ষা নিয়ন্ত্ৰক চৈয়ম ভৰদ্বাজে জনাইছে, দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীয়ে কেৱল ‘অফলাইন’ পৰীক্ষা দিব পাৰিব।

অৱশ্যে, পৰীক্ষাৰ দিন ঘোষণা হোৱা স্বত্বেও, চিবিএছই কৰ্তৃপক্ষই বুধবাৰে সম্পূৰ্ণ সময়সূচী প্ৰকাশ কৰা নাছিল। ভৰদ্বাজে কয়, “সোনকালেই আমি সম্পূৰ্ণ পৰীক্ষাৰ সময়সূচী (ডাটা শ্বীট) প্ৰকাশ কৰিম। লগতে তেওঁ জনায় যে সংস্থাৰ ৱেবচাইটত পৰীক্ষাৰ সময়সূচী প্ৰকাশিত হ’ব ।

Exit mobile version