Diet and Fitness : ওজন কমাবলৈ সহায় কৰে পপকৰ্ণে!

Woman container popcorn cinema movie theater

(১) এক কাপ পপকৰ্ণত মাত্ৰ ৩০ কেলৰি থাকে। ইয়াৰ উপৰিও, ইয়াত প্ৰ’টিন, ফোলেট, নিয়াচিন, থিয়ামিন, ভিটামিন বি, এ, ই আৰু কে আদি পুষ্টিগুণ থাকে।

(২) এই খাদ্যই শৰীৰত কৰ্কট কোষৰ বিকাশ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

(৩) পাচন তন্ত্ৰ নিয়ন্ত্ৰণত ৰখাত আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে পপকৰ্ণে ।

(৪) ই ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে।

(৫) ই হৃদৰোগৰ আশংকাও হ্ৰাস কৰিব পাৰে।

(৬) চকুৰ স্বাস্থ্যৰ বাবেও বাবেও যথেষ্ট উপকাৰী এই খাদ্য ।

(৭ ) পপকৰ্ণ প্ৰচুৰ পৰিমাণে ফাইবাৰ পৰিপূৰ্ণ। যি ৰক্ত নলী আৰু ধমনীবোৰৰ বেৰত কলেষ্টেৰল জমা হোৱা প্ৰতিহত কৰে। ফলস্বৰূপে, তেজত কলেষ্টেৰলৰ স্তৰ হ্ৰাস হয়।

Exit mobile version