শৰীৰত কি কাৰণে কেলছিয়ামৰ অভাৱ হয়

AdobeStock 361657797 1210x700 1

বিশেষজ্ঞৰ মতে, শৰীৰৰ বাবে প্ৰয়ােজনীয় উপাদানসমূহৰ ভিতৰত অন্যতম হ’ল কেলছিয়াম। এইবিধ উপাদানে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰে।

আধুনিক জীৱন-যাপন আৰু উপযুক্ত খাদ্যাভাসৰ অভাৱত এতিয়া বহুতাে লােকৰ এইবিধ উপাদানৰ ভাৰসাম্য ৰক্ষাত ব্যাঘাত জন্মিছে।

সেইবাবে এইবিধ উপাদানৰ অভাৱ নহ’বলৈ সকলােৱে কিছুমান বিষয়ত গুৰুত্ব প্ৰদান কৰা উচিত। কেলছিয়ামৰ অভাৱ হােৱাটো বহুতাে বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে।

খাদ্যৰ জৰিয়তে গ্রহণ কৰাৰ পৰিৱর্তে যদি ‘ছাপ্লিমেন্ট’ গ্ৰহণ কৰে তেতিয়া অতিৰিক্ত পৰিমাণে কিডনী বা বৃকৃত পাথৰৰ সৃষ্টি কৰিব পাৰে। আনহাতে ইয়াৰ অভাৱৰ সমস্যা দূৰ কৰিবলৈ হ’লে জীৱন-যাপনৰ পদ্ধতিৰ পৰিৱর্তন কৰিবই লাগিব।

পনীৰ আদি ব্যৱহাৰ কৰিলেও সুফল পােৱা যায়। কেলছিয়ামৰ অভাৱ ৰােধ কৰিবলৈ নিয়মীয়াকৈ গাখীৰ খাব লাগিব। কাৰণ গাখীৰত প্ৰচুৰ পৰিমাণে কেলছিয়াম পােৱা যায়।

যিসকলে প্ৰচুৰ পৰিমাণে কোমল পানীয় আদি খায় তেওঁলােকৰ শৰীৰত এইবিধ উপাদানৰ অভাৱ হয়। শাৰীৰিক দুর্বলতাৰ সময়ত এইবিধ উপাদানৰ অভাৱ ঘটে।

মহিলাসকলৰ মেনপজৰ সময়ত কেলছিয়ামৰ অভাৱ হয়। যিসকল মহিলাই কম বয়সৰ পৰাই এই ক্ষেত্ৰত সতর্কতা অবলম্বন কৰে তেওঁলােকৰ কম হােৱা দেখা যায়।

যিসকলে সদায় অতিৰিক্তভাবে ব্যায়াম কৰে তেওঁলােকৰ শৰীৰত অভাৱ হ’ব পাৰে। কেলছিয়াম শােষণত ভিটামিন ‘ডি’ৰ ভূমিকা গুৰুত্বপূর্ণ।

যেতিয়া ভিটামিন ডি’ৰ অভাৱ ঘটে তেতিয়া কেলছিয়ামৰ অভাৱ হােৱাৰ আশংকা অধিক। সেইবাবে সকলােৱে সতর্কতা অৱলম্বন কৰা উচিত। সকলােৱে সদায় কেলছিয়ামযুক্ত খাদ্য গ্রহণ কৰা উচিত। অৱশ্যে কেলছিয়াম গ্ৰহণৰ পাছত যদি সমস্যা হৈছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

Exit mobile version